গুৱাহাটী আৰু লামডিঙত ৰে’ল আন্তঃগাঁথনিৰ বিকাশৰ বাবে ২ কোটি টকা অনুমোদন কেন্দ্ৰৰ

NFR

প্ৰতিনিধিত্বমূলক ছবি

কেন্দ্ৰীয় চৰকাৰে গুৱাহাটী আৰু লামডিঙত ৰে’ল আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ২ কোটি টকা অনুমোদন জনাইছে।

এই সন্দৰ্ভত কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে কয় যে নতুন ৰে’ল পথ নিৰ্মাণৰ বাবে ৰে’ল বিভাগে লোৱা ১০ কোটিটকীয়া আঁচনিত অসম অন্তৰ্ভুক্ত হৈছে।

গোহাঁয়ে জনায়, ‘নতুন ৰে’ল পথ সন্দৰ্ভত কোনো স্পষ্টতা নাই, কিন্তু যোৱা বছৰ আমাৰ চৰকাৰে অসমত বিভিন্ন ৰে’ল পথৰ পৰামৰ্শ আৰু অনুমোদন দিছে।’

কেন্দ্ৰীয় চৰকাৰে ৰে’ল বিভাগৰ বাবে ১ লাখ ৪৮ হাজাৰ কোটি টকা অনুমোদন জনাইছে।

গোহাঁয়ে আজি খেল’ ভাৰত স্কুল ক্ৰীড়াত ভাগ লোৱা অসমৰ খেলুৱৈসকলৰ সৈতে ৰাষ্ট্ৰীয় ৰে’ল সংগ্ৰহালয়ত মিলিত হয়।

মন্ত্ৰীজনে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ধৰণৰ খেলত ভাগ লৈ অসমক গৌৰৱান্বিত কৰিবলৈ আহ্বান জনায়। অসমৰ ৮১ গৰাকী শিক্ষাৰ্থীয়ে এই খেলত ভাগ লৈছিল।