গুৱাহাটী উচ্চ ন্যায়ালয়ত ন্যায়াধীশ নিযুক্তিৰ বাবে দুজনৰ নামত অনুমোদন জনালে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে

উচ্চতম ন্যায়ালয়ৰ কলেজিয়াম (ন্যায়াধীশেৰে গঠিত তিনিজনীয়া গোট যি ন্যায়াধীশসকলক নিৰ্বাচন কৰে)এ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়্যধীশ হিচাপে দুজনৰ নামত অনুমোদন জনাইছে।

মুখ্য ন্যায়াধীশ দিপক মিশ্ৰৰ নেতৃত্বৰ এই কলেজিয়ামে অনুমোদন জনোৱা ন্যায়াধীশ দুগৰাকী হৈছে সঞ্জয় কুমাৰ মেধি আৰু নানি টাগিয়া।

কলেজিয়ামৰ মতে, ‘ই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে অধিবক্তাদ্বয় সঞ্জয় কুমাৰ মেধি আৰু নানি টাগিয়াৰ নামত অনুমোদন জনোৱাৰ সিদ্ধান্ত লৈছে। তেওঁলোকৰ পাৰস্পৰিক জ্যেষ্ঠতা প্ৰচলিত নিয়ম অনুসৰি নিৰ্ণয় হ’ব।‘

কলেজিয়ামৰ এই সম্পৰ্কীয় টোকাটোত কোৱা হৈছে যে নানি টাগিয়াৰ নাম  অনুমোদন জনোৱাৰ ক্ষেত্ৰত কলেজিয়ামৰ এগৰাকী সদস্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অংশ লোৱা নাই কিয়নো তেওঁৰ কৰ্মকালত টাগিয়া তেওঁৰ কনিষ্ঠ হিচাপে কৰ্মৰত আছিল।

অৱশ্যে আন সকলো অনুমোদনৰ ক্ষেত্ৰত মুখ্য ন্যায়াধীশ দিপক মিশ্ৰ আৰু ন্যায়াধীশ জে চেলামেশ্বৰৰ লগতে ন্যায়াধীশ গগৈয়ো তিনিজনীয়া ন্যাধীশেৰে গঠিত কলেজিয়ামৰ এজন সদস্য।

ইয়াৰ উপৰি কলেজিয়ামে লগতে কয় যে উক্ত অধিবক্তাদ্বয়ক উচ্চ ন্যায়ালয়লৈ পদোন্নিত কৰাৰ ক্ষেত্ৰত অনুমোদন জনোৱাৰ পূৰ্বে কলেজিয়ামে প্ৰাৰ্থীকেইজনৰ সৈতে আলোচনা কৰি লৈছিল।