গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেন্সাৰ চিকিৎসালয়ে ৮ হাজাৰ জনতকৈ অধিক ৰোগীক সেৱা আগবঢ়ালে পহিলা বছৰত

guwahati medical college cancer-hospital

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কেন্সাৰ চিকিৎসালয়ে প্ৰতিষ্ঠাৰ প্ৰথম বছৰত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৮ হাজাৰ গৰাকীতকৈও অধিক ৰোগীক সেৱা আগবঢ়াইছে।

ৰাজহুৱা প্ৰতিষ্ঠানটোৰ সঞ্চালক ডঃ বি চি গোস্বামীয়ে জনাই, ‘যোৱা বছৰ প্ৰায় ১২৮১ গৰাকী ৰোগীক ৰেডিঅ’থেৰাপি আৰু ৯৬৪ গৰাকী ৰোগীক কেম’থেৰাপি চিকিৎসা প্ৰদান কৰা হয়। মুঠতে আমি ৮ হাজাৰ ৰোগীক চিকিৎসা আগবঢ়াও।’

উত্তৰ-পূৰ্বাঞ্চলত কেন্সাৰৰ প্ৰাদূৰ্ভাৱ সম্পৰ্কে মন্তব্য কৰি চিকিৎসালয়খনৰ অধীক্ষক ডঃ কে’ ভূঞাই কয়, ‘মুখৰ কেন্সাৰ তাৰ পিছতে স্তন কেন্সাৰ এই অঞ্চলত আটাইতকৈ বেছি। সৰু ল’ৰা-ছোৱালীৰ মাজৰ সাধাৰণতে তেজৰ কৰ্কট ৰোগ বেছি হোৱা দেখা যায়।’

মুঠ ২০০ বিচনা থাকিব লগা এই চৰকাৰী চিকিৎসালয়খনত ডঃ ভূঞাই জনোৱা মতে ‘এতিয়া ১২০ খন বিচনা সম্পূৰ্ণ কাৰ্য্যক্ষম হৈ আছে। বাকীখিনিৰ কাম চলি আছে।’

অধীক্ষক গৰাকীয়ে জনাই যে ‘বৰ্তমান থকা ৪১ গৰাকী চিকিৎসকৰ ১৩ গৰাকী কেন্সাৰ বিশেষজ্ঞ।’

ভূঞাই লগতে উল্লেখ কৰে, ‘উত্তৰ-পূবৰ লোকসকলে ৰঙা মাংস বেছিকে খায়। তাৰোপৰি পোৰা মাংস, নৰন্ধা মাংস আদিয়েও ইয়াত অৰিহণা যোগায়। তামোল বেছিকে খোৱাৰ বাবে মুখৰ কেন্সাৰ বেছিকে হোৱা দেখা যায়।’

চিকিৎসালয়খন প্ৰতিষ্ঠা হোৱাৰ এই প্ৰথম বছৰত তেওঁলোকে ৰাইজৰ মাজত কেন্সাৰ সজাগতা গঢ়ি তোলাৰ বাবে শিবিৰ আয়োজন কৰিছে নেকি জানিব খোজাত সঞ্চালক ডঃ গোস্বামীয়ে জনায়, ‘যোৱা বছৰটো আমি নিযুক্তি প্ৰক্ৰিয়াক লৈ ব্যস্ত থাকিব লগা হ’ল বাবে কোনো সজাগতা শিবিৰৰ আয়োজন কৰা হোৱা নাছিল। আহি থকা বছৰটোত বিভিন্ন ঠাইৰ লোকসকলৰ কাষ চাপিব পৰাকৈ সজাগতা শিবিৰৰ আয়োজন কৰা হ’ব।’

বহুবিলাক ৰোগীয়ে ঠিকমতে চিকিৎসা নকৰা বা আধাতে চিকিৎসা এৰাৰ কথাও তেওঁ উল্লেখ কৰে।

তেওঁ লগতে জনায় যে চিকিৎসালয়খনত ৰেহাই মূল্যত চিকিৎসা আগবঢ়োৱা হয়।

অটল অমৃত অভিযানৰ অধীনত চৰকাৰে কেন্সাৰকে ধৰি অন্য কেবাটাও ৰোগৰ ক্ষেত্ৰত ২ লাখকৈ টকা আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথাও তেওঁ উল্লেখ কৰে।

ডঃ গোস্বামীয়ে লগতে জনায়, ‘আমি এই বছৰতে নগদ লেনদেনহীন ব্যৱস্থা আৰম্ভ কৰাৰ কথাও ভাবিছো।’