NORTHEAST NOW (Assamese)

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন সম্পৰ্কত ৰাজ্যিক নিৰ্বাচনী আয়ুক্তৰ উচ্চস্তৰীয় বৈঠক

April 26, 2018 10:01 am · এন ই নাও নিউজ
ফাইল ফটো

বুধবাৰে ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাৰ অধ্যক্ষতাত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আগন্তুক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

নিৰ্বাচনী আয়ুক্তগৰাকীয়ে উক্ত বৈঠকত উপস্থিত থকা কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টাল, নিৰ্বাচনী বিষয়া চিন্ময় ফুকন আৰু পৌৰ নিগমৰ ৩১টা ৱাৰ্ডৰ বাবে নিয়োজিত পঞ্জীয়ন বিষয়াসকলৰ সৈতে নিৰ্বাচন সম্পৰ্কত মত-বিনিময় কৰে।

সভাত আয়ুক্তগৰাকীয়ে এই নিৰ্বাচনৰ বাবে এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত আৰু প্ৰকাশৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। আনহাতে এই নিৰ্বাচনৰ গুৰুত্ব বুজি কামত অগ্ৰসৰ হ’বলৈ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে বিষয়া কৰ্মচাৰী সকলক আহ্বান জনায়।

উল্লেখযোগ্য যে এই নিৰ্বাচনৰ খচৰা তালিকা অহা ৫ মে’ত প্ৰকাশ কৰা হ’ব বুলি জানিবলৈ দিয়ে। যদিহে প্ৰকাশ কৰা তালিকাত কোনো আপত্তি থাকে তেন্তে সেয়া গ্ৰহণ কৰাৰ শেষ সময়সীমা হ’ব ১৪ মে’। এই দাবী আৰু অভিযোগ নিৰসনৰ শেষ তাৰিখ হৈছে ২২ মে’। ইফালে ৩১ মে’ত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা।

Related News