NORTHEAST NOW (Assamese)

গুৱাহাটী প্ৰে’ছ ক্লাবৰ মীডিয়া ক্লিনিকত শনিবাৰে সেৱা আগবঢ়াব জি এন আৰ চি চিকিৎসালয়ে

March 30, 2018 5:40 pm · এন ই নাও নিউজ

গুৱাহাটীৰ জি এন আৰ চি চিকিৎসালয়ে অহা ৩০ মাৰ্চ শনিবাৰে আবেলি ৩ বজাৰ পৰা ৫ বজালৈ গুৱাহাটী প্ৰে’ছ ক্লাবত হ’ব লগা সাপ্তাহিক অ’পিডি ক্লিনিকত সেৱা আগবঢ়াব।

সংবাদকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলক এই মীডিয়া ক্লিনিকটোত বিনামূলীয়াকৈ সেৱা আগবঢ়াব বিষ বিশেষজ্ঞ (pain specialist) ডাঃ কল্পজিত দত্তই।

প্ৰে’ছ ক্লাবৰ যোৱা ক্লিনিকটোত সেৱা আগবঢ়াইছিল গুৱাহাটীৰ এপল’ চিকিৎসালয়ে।

সংবাদকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ সুবিধাৰ বাবে এই মীডিয়া ক্লিনিকটো আৰম্ভ কৰা হৈছিল। গুৱাহাটীৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ৰ লগতে দেশৰো বহুবিলাক আগশাৰীৰ চিকিৎসালয়ে ইতিপূৰ্বে এই সাপ্তাহিক মীডিয়া ক্লিনিকটোত সেৱা আগবঢ়াইছে।

Related News