NORTHEAST NOW (Assamese)

গুৱাহাটী প্ৰে’ছ ক্লাবৰ মীডিয়া ক্লিনিকত শনিবাৰে সেৱা আগবঢ়ালে জি এন আৰ চি চিকিৎসালয়ে

March 31, 2018 6:58 pm · এন ই নাও নিউজ
Updated: March 31, 2018 7:00 pm

গুৱাহাটীৰ জি এন আৰ চি চিকিৎসালয়ে আজি ৩০ মাৰ্চ শনিবাৰে আবেলি ৩ বজাৰ পৰা ৫ বজালৈ গুৱাহাটী প্ৰে’ছ ক্লাবৰ সাপ্তাহিক অ’পিডি ক্লিনিকত সেৱা আগবঢ়ায়।

একাংশ সংবাদকৰ্মী আৰু সংবাদকৰ্মী পৰিয়ালৰ প্ৰায় ৩০ গৰাকী লোকক এই মীডিয়া ক্লিনিকটোত বিনামূলীয়াকৈ সেৱা আগবঢ়াই বিষ বিশেষজ্ঞ (pain specialist) ডাঃ কল্পজিত দত্তই।

জি এন আৰ চিৰ জনসম্পৰ্কৰক্ষী বিষয়া মৃণাল আলী হাজৰিকাই তদাৰকী কৰা চিকিৎসা শিবিৰটোত নাৰ্ছ মাধুৰী দেৱী আৰু গ্ৰেচেনা এনালে চিকিৎসকগৰাকীক সহযোগ কৰে।

প্ৰে’ছ ক্লাবৰ যোৱা ক্লিনিকটোত সেৱা আগবঢ়াইছিল গুৱাহাটীৰ এপল’ চিকিৎসালয়ে

সংবাদকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ সুবিধাৰ বাবে এই মীডিয়া ক্লিনিকটো আৰম্ভ কৰা হৈছিল। গুৱাহাটীৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ৰ লগতে দেশৰো বহুবিলাক আগশাৰীৰ চিকিৎসালয়ে ইতিপূৰ্বে এই সাপ্তাহিক মীডিয়া ক্লিনিকটোত সেৱা আগবঢ়াইছে।

Related News