গুৱাহাটী প্ৰে’ছ ক্লাবৰ মীডিয়া ক্লিনিকত শনিবাৰে সেৱা আগবঢ়াব এক্সেলকেয়েৰ চিকিৎসালয়ে

HEALTH-CHECKUP-CAMP

গুৱাহাটীৰ এক্সেলকেয়েৰ চিকিৎসালয় ( Excelcare Hospital )এ অহা ৫ মে’ শনিবাৰে আবেলি ৩ বজাৰ পৰা ৫ বজালৈ গুৱাহাটী প্ৰে’ছ ক্লাবৰ সাপ্তাহিক অ’পিডি ক্লিনিকত সেৱা আগবঢ়াব।

সাংবাদিক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলে মেডিছিন বিশেষজ্ঞ ডাঃ এ’ চি নেওগৰ পৰা শিবিৰটোত বিনামূলীয়াকৈ পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব। শিবিৰটোত বিনামূলীয়াকৈ ওজন আৰু ৰক্তচাপো পৰীক্ষা কৰাব পাৰিব।

যোৱা ২৮ এপ্ৰিলত হোৱা শিবিৰটোত ৱিণ্ট্ৰব চিকিৎসালয়ৰ হৈ অস্থি বিশেষজ্ঞ ডাঃ জয় দীপ ঘোষ আৰু ডাঃ মাজাহুৰুল ইছলামে সেৱা আগবঢ়াইছিল।

সংবাদকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ সুবিধাৰ বাবে এই মীডিয়া ক্লিনিকটো আৰম্ভ কৰা হৈছিল। গুৱাহাটীৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ৰ লগতে দেশৰো বহুবিলাক আগশাৰীৰ চিকিৎসালয়ে ইতিপূৰ্বে এই সাপ্তাহিক মীডিয়া ক্লিনিকটোত সেৱা আগবঢ়াইছে।