গুৱাহাটী বিশ্ববিদ্যালয়ত স্থাপন কৰা হ’ব ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰ : ড’নাৰ মন্ত্ৰ্যালয়

অঞ্চলটোৰ উত্তৰ-পূৰ্বাঞ্চলত থকা জলসম্পদৰ সৰ্বোত্তম ব্যৱহাৰৰ পথ সুগম কৰিবৰ বাবে নিটি আয়োগৰ উপাধ্যক্ষক অধ্যক্ষ হিচাপে লৈ এখন উচ্চ পৰ্য্যায়ৰ কমিটি গঠন কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই কথা জানিবলৈ দিছে ড’নাৰ মন্ত্ৰী জিতেন্দৰ সিঙে।

মন্ত্ৰীজনে জনোৱা মতে মন্ত্ৰ্যালয়টোৱে গুৱাহাটী বিশ্ববিদ্যালয়ত ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰ স্থাপন কৰিব। ইয়াৰ বাবে মুঠ ৩০ কোটি টকা বাজেট ধৰা হৈছে। ‘ব্ৰহ্মপুত্ৰ নদী অৱবাহিকাৰ বিষয়ে গৱেষণা কৰিবলৈ কেন্দ্ৰই এটা দীৰ্ঘম্যাদী আঁচনি লৈছে। ইয়াত অৱবাহিকাত বাস কৰা লোকসকলৰ আৰ্থ-সামাজিক দিশবোৰৰ উপৰি জলবিদ্যুৎ শক্তি, নৌ পৰিবহণ, জলসিঞ্চনৰ সম্ভাৱনীয়তাৰ বিষয়বোৰ থাকিব।’ এইদৰে কয় উত্তৰ-পূব পৰিষদ (NEC)ৰ সচিব ৰাম মুইবাহে।

সচিবজনে লগতে কয় যে উত্তৰ-পূব পৰিষদে লখিমপুৰত প্ৰায় ৫৪ কোটি টকা ব্যয়েৰে এখন ষ্টেডিয়াম স্থাপন কৰিব।

‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাঁহ উদ্যোগক উদগনি যোগোৱাৰ আঁচনিৰ সমৰ্থনত উত্তৰ-পূব পৰিষদে প্ৰায় ১২ কোটি টকা ব্যয়েৰে ইটানগৰত এখন বেম্বৌ টেকন’ল’জি পাৰ্ক স্থাপন কৰিব আৰু মণিপুৰৰ উখৰুলত এটা বাঁহৰ সামগ্ৰী নিৰ্মাণৰ প্ৰশিক্ষণ তথা উৎপাদন কেন্দ্ৰ স্থাপন কৰিব।

উল্লেখযোগ্য যে কেন্দ্ৰই ইতিপূৰ্বে ভাৰতীয় অৰণ্য আইন, ১৯২৭ ৰ সংশোধন কৰি বাঁহক ‘গছ’ৰ শ্ৰেণীৰ পৰা আঁতৰাই পেলাইছে। যাৰ ফলত বাঁহক অবাধে কাটিব, সৰবৰাহ কৰিব আৰু ব্যৱহাৰ কৰিব পাৰিব।