NORTHEAST NOW (Assamese)

গুৱাহাটী বিশ্ববিদ্যালয়ত ক্ৰীড়া আইন সন্দৰ্ভত আৰম্ভ হ’ব নতুন পাঠ্যক্ৰম

July 19, 2018 10:32 am · এন ই নাও নিউজ
Updated: July 19, 2018 10:37 am

অসমৰ ক্ৰীড়াবিদে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত  ক্ৰমাগতভাৱে উন্নত প্ৰদৰ্শন আগবঢ়োৱাটো অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে সুখবৰ। ইয়াৰ সমান্তৰালকৈ বৰ্তমান ক্ৰীড়া আইন সন্দৰ্ভত জ্ঞান আহৰণ কৰাটো নিতান্তই প্ৰয়োজন হৈ পৰিছে।

ইয়াৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰে ক্ৰীড়া আইন সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ত এক নতুন পাঠ্যক্ৰম মুকলি কৰা হ’ব। বুধবাৰে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এক সংবাদমেলত বিশিষ্ট আইনজ্ঞ নিলয় দত্তই এই কথা প্ৰকাশ কৰে।

ক্ৰীড়াবিদসকলে নিষিদ্ধ ঔষধ সেৱন সন্দৰ্ভত প্ৰাথমিক জ্ঞান আহৰণ কৰাৰ লগতে স্প’নছৰশ্বিপ সন্দৰ্ভত সজাগতা নথকাৰ ফলত বহু খেলুৱৈৰ ভৱিষ্যত ধ্বংস হয়। এইবোৰ কাৰকৰ প্ৰতি লক্ষ্য ৰাখি অহা ২১ জুলাইত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত ছেমিনাৰ হলত এখন ক্ৰীড়া আইন বিষয়ক ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰা হৈছে।

উল্লেখ্য যে এই কৰ্মশালাখন ষ্টুডিঅ’ নিলিমাৰ সহযোগত বিশ্ববিদ্যালয় ল’ কলেজে এই কৰ্মাশালাৰ আয়োজন কৰিছে।

ৰাষ্ট্ৰীয় কৰ্মশালাখনত অধ্যাপক হেডেন, উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এ পি মিশ্ৰ, বাৰ কাউন্সিল অব ইণ্ডিয়াৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ অনুশাসন কমিটীৰ অধ্যক্ষ উষা নাথ বেনাৰ্জী, বি চি চি আইৰ সচিব অমিতাভ চৌধুৰীৰ লগতে পাঁচবাৰৰ এভাৰেষ্ট বিজয়ী আনছু জামছেনপা আদিয়ে ক্ৰীড়া সম্পৰ্কে বিভিন্ন বিষয়ত ভাষণ প্ৰদান কৰিব।

বুধবাৰে অনুষ্ঠিত সংবাদেমলত মেলব’ৰ্ণ বিশ্ববিদ্যালয়ৰ অধ্যাপক হেডেন, বিশ্ববিদ্যালয় ল’ কলেজৰ অধ্যক্ষ জ্যোতি প্ৰসাদ বৰা, বাৰ কাউন্সিল অব ইণ্ডিয়াৰ কাৰ্যবাহী অধ্যক্ষ অপূৰ্ব কুমাৰ শৰ্মা, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ব্ৰজেন্দ্ৰ প্ৰসাদ কটকী আৰু অসম ক্ৰিকেট সন্থাৰ সম্পাদক প্ৰদীপ বুঢ়াগোহাঁই উপস্থিত থাকে।

Related News