গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁৱত বাহিনী নৈত পৰি সন্ধানহীন কিশোৰ

গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁও অঞ্চলত আজি আবেলি প্ৰচণ্ড বৰষুণৰ মাজতে এটি ১৩ বছৰীয়া কিশোৰ বাহিনী নৈত পৰি সন্ধানহীন হৈ আছে।

দিচপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিমাংশু দাসে নৰ্থ ইষ্ট নাওক জনোৱা অনুসৰি নুৰ ইছলাম নামৰ কিশোৰটিয়ে আইতাকৰ লগত বটল আদি পেলনীয়া সা-সামগ্ৰী বিচাৰি ফুৰিছিল।

কিন্তু দুৰ্ভাগ্যবশত আজি কিশোৰটিয়ে পানীত পৰি থকা বটল বুলিবলৈ যাওঁতেই পিছলি পৰি বাহিনী নৈত পৰে।

ইতিমধ্যে আৰক্ষী আৰু এছ ডি আৰ এফৰ লোক ঘটনাস্থলীত উপস্থিত হৈ কিশোৰটিক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে কিশোৰটি উদ্ধাৰ হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আনহাতে এটি ১৩ বছৰীয়া কিশোৰ এনেদৰে বাহিনী নৈত পৰি সন্ধানহীন হোৱাত অঞ্চলটোৰ ৰাইজৰ মাজত এক হুৱা-দুৱা লাগে।