গুৱাহাটী ৰে’ল ষ্টেশ্যনত গাঞ্জাসহ বহি:ৰাজ্যৰ পাঁচগৰাকী মহিলাক আটক

গাঞ্জা জব্দ

গুৱাহাটী পল্টন বজাৰ ৰে’লৱে ষ্টেশ্যনত চোৰাংভৱে কঢ়িয়াই অনা গাঞ্জাসহ পাঁচগৰাকী মহিলাক সোমবাৰে আটক কৰা হৈছে। গধূলি প্ৰায় ৮-৩০ বজাত ৰে’ল আৰক্ষীয়ে চলোৱা  নিয়মীয়া তালাচীত ১৫৯০৩ নং নামনিমুৱা ডিব্ৰুগড় চণ্ডীগড় এক্সপ্ৰেছৰ চি/এছ-৫ আৰু এছ-৬ নং ডবাৰ পৰা পৰা গাঞ্জাসহ মহিলাকেইগৰাকীক আটক কৰে।

ৰে’লৱে আৰক্ষী আৰু পল্টন বজাৰ আৰক্ষীয়ে জব্দ কৰা গাঞ্জাখিনিৰ মূল্য প্ৰায় ৭০ হাজাৰ টকা হ’ব বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে লগতে এই গাঞ্জাখিনি সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত বহি:ৰাজ্যৰ পাঁচগৰাকী মহিলাকো আটক কৰিছে।

আৰক্ষীৰ জেৰাত মহিলাকেইগৰাকীয়ে গাঞ্জাখিনি ডিমাপুৰৰ পৰা অনা বুলি স্বীকাৰ কৰাৰ লগতে সেইবোৰ পশ্চিমবংগৰ মালদালৈ সৰবৰাহ কৰাৰ প্ৰচেষ্টা চলাইছিল বুলিও জানিবলৈ দিছে।

গুৱাহাটী ৰে’ল আৰক্ষীয়ে ২০৩/১৮ নম্বৰত এন ডি পি এছ আইনৰ ইউ/এছ ২০ (বি) ধাৰাত এক গোচৰ ৰুজু কৰি ইতিমধ্যে মহিলাকেইগৰাকীক জেললৈ প্ৰেৰণ কৰিছে।

আৰক্ষীয়ে আটকাধীন মহিলাকেইগৰাকী পশ্চিম বংগৰ মুৰ্শিদাবাদ জিলাৰ মহিৰা বেৱা (৪৮), মাফৰুজা বেৱা (৫২), সাগৰ বানু বেৱা (৩৮), আজমা খাতুন (৪২) আৰু মুমতাজ বিবি (৪০) বুলি চিনাক্ত কৰিছে।

উত্তৰ-পূৰ্বাঞ্চলৰ পৰা অসমৰ মাজেৰে বহিঃৰাজ্যৰলৈ চোৰাংকৈ এনেধৰণে নিচাজাতীয় সামগ্ৰী সৰবৰাহ হৈ আছে। কেবল নিচাজাতীয় সামগ্ৰীয়ে নহয়, শেহতীয়াকৈ চোৰাং সোণৰ সৰবৰাহৰ কেইবাটাও ঘটনা ধৰা পেলাবলৈ সক্ষম হৈছে আৰক্ষীয়ে।