গুৱাহাটী ৰে’ল ষ্টেশ্যনত ৰে’লৰ পৰা ৩০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিলে জিআৰপিয়ে

GANJA-678x381

প্ৰতিনিধিত্বমূলক ফটো

গভৰ্মেন্ট ৰে’লৱে পুলিচে (জিআৰপি) তালাচীৰ সময়ত গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত শুকুৰবাৰে ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছৰ পৰা ৩০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে।

ৰে’লখনত ৩০ কিলোগ্ৰাম গাঞ্জা কঢ়িয়াই অনাৰ আগতীয়া খবৰ পাই জিআৰপি জোৱানে তালাচী চলাই গাঞ্জাখিনি জব্দ কৰে।

পূৰ্বতেও ৰে’লৱে আৰক্ষীয়ে বৃহৎ পৰিমানৰ নিষিদ্ধ মাদক দ্ৰব্য মেৰিজুৱানা জব্দ কৰাৰ লগতে চোৰাংকাৰবাৰী আটক কৰিবলৈ সক্ষম হৈছিল।

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ পৰা চোৰাংভাৱে গাঞ্জাকে ধৰি বিভিন্ন নিষিদ্ধ মাদক দ্ৰব্য সৰবৰাহ হৈ আহিছে। এই ক্ষেত্ৰত গুৱাহাটী ৰে’লৱে ষ্টেশ্যনক কৰিডৰ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে।

প্ৰতিৰোধ অভিযানৰ বাবে নিয়োজিত সুৰক্ষা সংস্থাসমূহে দেখিছে যে উত্তৰ পূৰ্বাঞ্চলত গাঞ্জাৰ চোৰাং সৰবৰাহৰ নতুন ধাৰা এটাৰ উত্থান ঘটিছে। মণিপুৰ গাঞ্জা উৎপাদনৰ ক্ষেত্ৰত আটাইতকৈ আগত আছে। ইয়াৰ শুকান আৰু পৰিপাটিকৈ বন্ধা ব্লকবোৰ বিহাৰ তথা উত্তৰ প্ৰদেশলৈ সৰবৰাহ কৰা হয়।

গাঞ্জাক যদিও নিষিদ্ধ দ্ৰব্য হিচাপে তালিকাত ৰখা হৈছে ইয়াৰ খেতি মণিপুৰৰ কিছুমান পাহাৰীয়া অঞ্চলত মুকলিকৈ আৰু ব্যাপক ৰূপত কৰা হয়। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত মণিপুৰৰ উখ্ৰুল জিলাৰ মহাদেৱ আৰু ছিয়াৰাখঙৰ মাজত বৃহৎ পৰিমানৰ গাঞ্জা উৎপাদন হয়।

মণিপুৰৰ প্ৰতিষ্ঠিত এই গাঞ্জা চক্ৰটো নাগালেণ্ডৰ ডিমাপুৰ আৰু কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰা পৰিচালিত হৈ আহিছে। বিহাৰ আৰু উত্তৰ প্ৰদেশত এই গাঞ্জাৰ এক বৃহৎ চাহিদা আছে।

কিন্তু বিগত কেই বছৰত এই অঞ্চলসমূহত তীক্ষ্ন নজৰ ৰখাৰ পৰিপ্ৰেক্ষিতত চোৰাং কাৰবাৰীসকলে ত্ৰিপুৰাক নতুন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে।

‘’হঠাতে আমাৰ দৃষ্টিলৈ আহে যে গাঞ্জা সৰবৰাহৰ কামটো ত্ৰিপুৰাৰ পৰা চলি আছে,’’- ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই নৰ্থ ইষ্ট নাওৰ আগত এইদৰে কয়। ৰাজহ চোৰাংচোৱা বিভাগে শুল্ক বিভাগৰ সৈতে সম্পূৰ্ণ সহযোগিতাৰে ত্ৰিপুৰাৰ পৰা চলি থকা এই চোৰাং কাৰবাৰ ধৰা পেলোৱা তথা চোৰাং চক্ৰ উৎখাত কৰাৰ বাবে কাম কৰি আছে।