গৃহ মন্ত্ৰী ৰাজনাথ সিঙে কৰা মন্তব্যৰ ব্যাপক প্ৰতিক্ৰিয়া নাগালেণ্ডত

প্ৰতিনিধিত্বমূলক চিত্ৰ

নাগালেণ্ডত নিৰ্বাচন অনুষ্ঠিত কৰোৱাতো নিৰ্বাচনী আয়োগৰ অধিকাৰ আছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে কৰা এনে মন্তব্যৰ পিছত নাগালেণ্ডত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই মন্তব্যৰ পিছতে নাগা শীৰ্ষ আদিবাসী গোট, নাগা হোহোৱে ৰাজ্যখনত হ’বলগীয়া আসন্ন বিধানসভা নিৰ্বাচন বহিস্কাৰ কৰিবলৈ আহ্বান জনায়।

নাগা জাতীয় ৰাজনৈতিক দলৰ কাৰ্যকৰী সমিতিয়ে স্পষ্ট ৰূপত কৈছে যে নাগাসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পূৰ্বে যদিহে ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত কৰে তেন্তে শান্তি শংখলা অটুট থকা ৰাজ্যখনত গুৰুতৰ প্ৰভাৱ পৰিব।

নাগা জাতীয় ৰাজনৈতিক দলে পুনৰ আশা ব্যক্ত কৰি কয় যে কেন্দ্ৰই এই সম্পৰ্কে ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিব আৰু নাগা সমস্যা সমাধানৰ বাবে উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক লগ ধৰি নাগালেণ্ডবাসীৰ সমস্যা সমাধান তথা নাগালিম গঠনৰ সমাধান নোহোৱা পৰ্যন্ত ৰাজ্যখনত নিৰ্বাচন স্থগিত ৰখাৰ বাবে অনুৰোধ জনাইছিল। আৰু এই আলোচনাৰ পিছতেই গৃহ মন্ত্ৰীগৰাকীয়ে উক্ত মন্তব্য আগবঢ়াইছিল।

গৃহ মন্ত্ৰীয়ে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী জেলিয়াঙক আশ্বাস প্ৰদান কৰিছিল যে নাগাসকলৰ সমস্যা সমূহৰ বিষয়ে আলোচনা কৰিবলৈ এখন বৈঠক অনুষ্ঠিত কৰিব। আৰু সেই বৈঠকতে লোৱা সিদ্ধান্ত সমূহ পিছত নাগালেণ্ড চৰকাৰক জনোৱা হ’ব।

নাগালেণ্ডৰ বিভিন্ন দল-সংগঠনৰ লগতে নাগৰিক সমাজৰ লোকে নাগা শান্তি চুক্তি আৰু নাগালিম গঠনৰ বিষয়টো সম্পূৰ্ণ সমাধান নোহোৱা পৰ্যন্ত নিৰ্বাচন স্থগিত ৰাখিবলৈ মুখ্য মন্ত্ৰীৰ জৰিয়তে কেন্দ্ৰক আহ্বান জনাইছিল। কিন্তু বৰ্তমান সময়লৈকে কেন্দ্ৰৰ ফালৰ পৰা এই ক্ষেত্ৰত কোনোধৰণৰ সহাৰি লাভ কৰা নাই।

ইফালে নাগালেণ্ড নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে। তাৎপৰ্যমূলক কথা যে ২০১৩ চনৰ বিপৰীতে ২০১৮ চনত ভোটাৰৰ সংখ্যা কম। ২০১৩ চনত আছিল ১১,৯২,৩৭৭ আৰু ২০১৮ চনত হৈছে ১১,৮৯,২৬৪গৰাকী ভোচাৰ।

লক্ষণীয় যে ৬০টাকৈ বিধানসভা সমষ্টি থকা নাগালেণ্ডৰ লগতে ত্ৰিপুৰা আৰু মেঘালয়ত অহা মাৰ্চ মাহত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।