গেংটকত অনুষ্ঠিত হ’ব উত্তৰ-পূব ক্ৰিকেট বিকাশ সমিতিৰ আলোচনা সভা

ক্ৰিকেট

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ক্ৰিকেটৰ বিকাশ সাধনৰ উদ্দশ্যেৰে গেংটকত উত্তৰ-পূব ক্ৰিকেট বিকাশ সমিতিৰ এখন আলোচনা সভাৰ আয়োজন কৰিবলৈ লোৱা হৈছে।

উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ ক্ৰিকেট ব’ৰ্ড সমূহৰ সভাপতি তথা সম্পাদক সকলক লৈ গঠিত উক্ত সমিতিখন হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ শীৰ্ষ ক্ৰিকেট সংস্থা। উল্লেখযোগ্যে যে অসম আৰু ত্ৰিপুৰা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বি চি চি আই)ৰ পূৰ্ণাঙ্গ সদস্য হোৱাৰ বিপৰীতে মিজোৰামে বি চি চি আইৰ সদস্যপদৰ বাবে আবেদন কৰিছে।

সভাখনৰ দিন এতিয়াও নিৰ্ধাৰিত হোৱা নাই যদিও সভাখনৰ উদ্দেশ্যে নাগালেণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী নেফিউ ৰিঅ’ৰ অধ্যক্ষতাত গঠিত সমিতিখন ইতিমধ্যে গেংটকত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে।

বি চি চি আয়ে ছিকিমৰ ৰাংপো মাইনিং খেলপথাৰক পৰ্যবেক্ষণ কৰি খেলপথাৰখনৰ বিকাশৰ লগতে ক্ৰিকেট খেলৰ সুবিধাজনক কৰি তোলাৰ উদ্দেশ্যে এখন প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ সমিতিখনৰ সমন্বয়ক তথা মেঘালয় ক্ৰিকেট সংস্থাৰ সম্পাদক নব ভট্টচাৰ্য্যক  ছিকিমলৈ প্ৰেৰণ কৰিছে। তেওঁৰ উপৰি বি চি চি আইৰ আন এজন বিষয়া আশিস ভৌমিকেও ২৭ জানুৱাৰিত উক্ত খেলপথাৰখন পৰিদৰ্শন কৰিব।

আনহাতে অহা ২১ জানুৱাৰিৰ পৰা পাটনাত অনুষ্ঠিত হ’ব লগীয়া পুৰুষৰ ২৩ বছৰ অনুৰ্ধ্বৰ এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিব লগীয়া  ক্ৰিকেট দলটোৰ বাবেও ইতিমধ্যে এক প্ৰস্তুতি শিবিৰৰ আয়োজন কৰিছে ছিকিম ক্ৰিকেট সন্থাই।