ছেৰেনিটি কাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় সংস্কৰণ ২০১৭ ৰ খেলসমূহ অহা ২৩ নৱেম্বৰৰ পৰা ইয়াৰ পালজৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। পষেকজোৰা এই প্ৰতিযোগিতাখনৰ আয়োজক হৈছে গেংটকস্থিত পুনৰ্সংস্থাপন কেন্দ্ৰ ছেৰেনিটি হ’ম আৰু গেংটকৰ অন্যান্য কেইটামান পুনৰ্সংস্থাপন কেন্দ্ৰ।
গেংটক, দাৰ্জিলিং আৰু শিলিগুৰিৰ মুঠ ৭টা দলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব। অংশগ্ৰহণকাৰীসকলৰ ভিতৰত যোৱাবোৰৰ বিজয়ী শিলিগুৰিৰ গুডউইল, শিলিগুৰিৰ উদাছ, দাৰ্জিলিঙৰ ফেল’শ্বিপ আৰু ফ্ৰিডম ফেচিলিটি, ইউনাইটেড ব্ৰাডাৰ্ছ, ৰিক’ভাৰিং ফেল’ছ আৰু গেংটকৰ ছেৰেনিটি হ’মছ।
পালজৰ ষ্টেডিয়ামৰ কনফাৰেন্স হলত অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰি ছেৰেনিটি হ’মৰ প্ৰতিষ্ঠাপক উদই ৰাইয়ে প্ৰকাশ কৰে যে ছেৰেনিটি কাপ ফুটবল প্ৰতিযোগিতাখন এখন এনেকুৱা প্ৰতিযোগিতা যি কেৱল সুস্থ চৰ্চাৰ এখন মঞ্চই নহয় লগতে তেওঁলোকক মুলসুঁতিলৈ উভতি অহাটো সহায় কৰিব। ‘’ প্ৰতিযোগিতাখনৰ মুখ্য উদ্দেশ্য হ’ল ব্যক্তিগত আৰোগ্যৰ উদযাপন আৰু একে সময়েত সমাজলৈ এই বাৰ্তা প্ৰেৰণ কৰা যে নিচাসক্তি এটা ৰোগহে মাথোঁ আৰু আৰু আৰোগ্য হোৱাৰ পিছত বহুতেই এটা ভাল জীৱন যাপন কৰিব পাৰে,’’-তেওঁ কয়।
ৰায়ে প্ৰকাশ কৰে যে আৰোগ্য লাভ কৰা সদস্যসকলক ইতিবাচক দিশেৰে জড়িত কৰি কাৰ্য্যসূচী প্ৰস্তুত কৰাত পুনৰ্সংস্থাপন কেন্দ্ৰসমূহে ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। বৰ্তমান প্ৰতিযোগিতাখনৰ সফলতাৰ পিছত আৰোগ্য লাভ কৰা সদস্যসকলে গোটেই বছৰ ধৰি প্ৰতিযোগিতাখনৰ বাবে অনুশীলন কৰে আৰু এটা দল হৈ থাকে,’’-তেওঁ কয়।
আয়োজক সমিতিৰ উপদেষ্টা থুপটেন ৰাপগ্যেলে উল্লেখ কৰে যে প্ৰতিযোগিতাখন লীগ তথা নক্ আউট ফৰেমটত খেলোৱা হ’ব আৰু ৩৫ মিনিটৰ বিৰতি ৰখা হ’ব। লীগ পৰ্যায়ত দলবোৰক দুটা গ্ৰুপত ভগোৱা হ’ব। আয়োজকে বিজয়ী আৰু ৰানাৰ্ছ আপৰ বাবে নগদ ধনৰ বঁটা দিয়াৰ পৰিকল্পনা কৰিছে।
ফ্ৰিডম ফেচিলিটিৰ প্ৰতিষ্ঠাপক কে চি নিমাই প্ৰকাশ কৰে যে প্ৰতিযোগিতাখনে আৰোগ্য লাভ কৰা সদস্যসকল ক্ৰীড়া তথা গঠনমূলক কামকাজত ব্যস্ত ৰখাত ব্যাপক প্ৰভাৱ পেলাৱ। তেওঁ এনেধৰণৰ এখন বৃহৎ মঞ্চ আগবঢ়োৱাৰ বাবে ছেৰেনিটি হ’মৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে।