গোপাল বড়ো উঃ মাঃ বিদ্যালয়ৰ কাণ্ড : বিনামূলীয়াকৈ নামভৰ্তি কৰাৰ সলনি ৫০০ টকাকৈ মাচুল প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ পৰা

শিক্ষাৰ অধিকাৰ আইন, ২০০৯ ৰ অধীনত ৰাজ্যৰ সকলো শিশুৱেই ১৪ বছৰ বয়স পৰ্য্যন্ত, অৰ্থাৎ অষ্টম শ্ৰেণী পৰ্য্যন্ত সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষা গ্ৰহণৰ সুযোগ পাব লাগে যদিও খোদ মহানগৰীৰ মাজমজিয়াতে চৰকাৰী বিদ্যালয়ে ৫০০-৬০০ টকাকৈ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বিনিময়ত সংগ্ৰহ কৰি থকাৰ কথা পোহৰলৈ আহিছে।

আজি ছাত্ৰ এজনক নামভৰ্তি কৰাব খোজা অভিভাৱকৰ ৰূপত যোৱা এজন সাংবাদিকে এক অনুসন্ধানমূলক অভিযানত মহানগৰীৰ গণেশগুৰিস্থিত ঐতিহ্যমণ্ডিত গোপালবড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা কেইবা দিনো ধৰি ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে ৫০০ টকাকৈ লৈ থকাৰ কথাটো ধৰা  পেলায়। প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ পৰা ৫০০ টকাকৈ লোৱাৰ লগতে নামভৰ্তিৰ ফৰ্মৰ নামতো ১০০ টকাকৈ লোৱা বুলি স্বয়ং অধ্যক্ষা অৰ্পণা দেৱীয়ে স্বীকাৰ কৰে। এই সন্দৰ্ভত অভিভাৱকসকলৰ মাজতো বেচ অসন্তুষ্টি দেখা যায়। অভিভাৱকসকলে এই বিদ্যালয়খনৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগো উত্থাপন কৰিছে।

অধ্যক্ষাগৰাকীক চৰকাৰে বিনামূলীয়াকৈ নামভৰ্তি কৰোৱাৰ ব্যৱস্থা ৰখাৰ কথা মনত পেলাই দিয়াত ‘চৰকাৰৰ কথা বাদ দিয়ক। চৰকাৰে নিজেই মাননি হিচাপে ল’বলৈ এইটো নিৰ্দেশ দিছে।’ বুলি কয় অধ্যক্ষাগৰাকীয়ে।

আনহাতে টকা লোৱাৰ কাৰণ সোধাত, সৰস্বতী পূজা, পৰীক্ষাৰ খৰচ, বছৰেকীয়া ফাংচন, ছাত্ৰ-ছাত্ৰীক দিব লগীয়া প্ৰতীক (বেজ)ৰ খৰচৰ অজুহাত দেখুৱায়।

তাৎপৰ্য্যপূৰ্ণভাৱে এই ৫০০ টকা লোৱাৰ বিনিময়ত ৰচিদ দিয়া হয় নে নহয় বুলি সোধাত ৰচিদ দিয়া নহয় বুলি কয়।

দাৰিদ্ৰ্য সীমা ৰেখা বা বি পি এল পৰিয়ালে এই ক্ষেত্ৰত ৰেহাই পাব নেকি বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত অধ্যক্ষাগৰাকীয়ে কয় যে বিপিএল এপিএল বুলি কোনো কথা নাই।

 

শিক্ষাৰ অধিকাৰ আইন, ২০০৯ ৰ জৰিয়তে দেশৰ সকলো শিশুকেই বাধ্যতামূলক আৰু বিনামূলীয়া শিক্ষা দিয়াৰ চৰকাৰৰ যি মহান পদক্ষেপ, তাক এই ধৰণৰ অনিয়মবোৰে পোনপটীয়াকৈ অৱমাননা কৰা দেখা গৈছে।