NORTHEAST NOW (Assamese)

গোলাঘাটৰ দেওপাহাৰ সংৰক্ষিত বনাঞ্চলত অবৈধ দখল উচ্ছেদ প্ৰশাসনৰ

March 13, 2018 2:44 pm · উত্তম শইকীয়া
Updated: March 13, 2018 2:46 pm

গোলাঘাট জিলাৰ দেওপাহাৰ সংৰক্ষিত বনাঞ্চলত নুমলীগড় শোধনাগাৰে বিগত বহু বছৰৰ পৰা দখল কৰা ১ হেক্টৰ ভূমিত আজি উচ্ছেদ অভিযান চলায় গোলাঘাট জিলা প্ৰশাসনে৷

নুমলীগড় শোধনাগাৰে নগৰাঞ্চল সম্প্ৰসাৰণৰ বাবে দখল কৰা এই ভূমি এলিফেণ্ট ক’ৰিডৰ হিচাপে চিহ্নিত আছিল। আৰু এই হাতী অহা যোৱা পথতে শোধনাগাৰে নিৰ্মান কৰিছিল পকী বেৰা। গোলাঘাট জিলা প্ৰশাসনে আজি এই পকী দেৱাল ভাঙি এই ভূমি অবৈধ দখল মুক্ত কৰে৷

উল্লেখ্য যে ১৯৯৯ চনতে দেওপাহাৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল অবৈধ দখল মুক্ত কৰাৰ বাবে প্ৰশাসনে ঘোষণা কৰিছিল। তাৰোপৰি হাতী অহা যোৱা কৰা বাটটো বন্ধ কৰি বেৰা নিৰ্মাণ কৰা কাৰ্যৰ বিৰুদ্ধে বোকাখাতৰ ৰোহিত চৌধুৰী নামৰ এজন লোকে ৰাষ্ট্ৰীয় সেউজ ন্যায়ালয়ত এক গোচৰ ৰুজু কৰিছিল।

এই গোচৰৰ আধাৰতে  ২০১৪ চনৰ ২৪  আগষ্টত সেউজ ন্যায়ালয়ে এই দেৱালখন অবৈধ ঘোষণা কৰি ভাঙিবলৈ এক  নিৰ্দেশ জাৰি কৰিছিল। কিন্তু অতি ৰহস্য জনকভাৱে শোধনাগাৰ কৰ্তৃপক্ষই এই ক্ষেত্ৰত দীর্ঘদিনে নিমাত হৈ আছিল। আৰু অৱশেষত আজি বন বিভাগ আৰু জিলা প্ৰশাসনে  এই  অবৈধ দেৱালখন ভাঙিবলৈ বাধ্য হ’ল ।

উল্লেখিত যে বিভাগীয় তথ্য মতে দেওপাহাৰ সংৰক্ষিত বনাঞ্চলৰ প্ৰস্তাৱত বনাঞ্চলখনৰ পৰিসৰ আছিল ১৩৪ হেক্টৰ ৷ এই বনাঞ্চলৰে মুঠ ১ হেক্টৰ বনাঞ্চল অবৈধ দখল কৰি নুমলীগড় শোধনাগাৰে নিৰ্মান কৰিছিল পকী বেৰা ৷

আজি গোলাঘাট জিলাৰ অতিৰক্ত উপায়ুক্ত উৎপল দলেৰ নেতৃত্বত বোকাখাত ৰাজহ চক্ৰ বিষয়া খনীন দাস আৰু গোলাঘাটৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰাজীৱ কুমাৰ দাসৰ লগত যোৱা অভিযানকাৰী দলে এই দেৱাল ভাঙি দেওপাহাৰ সংৰক্ষিত বনাঞ্চল অবৈধ দখল মুক্ত কৰাৰ লগতে এলিফেণ্ট ক’ৰিডৰটো পুনৰ মুকলি কৰিবলৈ সক্ষম হয়।

Related News