গুৱাহাটীকে ধৰি দেশৰ কেবাখনো চহৰৰ পৰা বিমান পৰিবহণ সংস্থা ইণ্ডিগ’ই ৪৭ টা বিমানসূচী হঠাৎ বাতিল কৰাত যাত্ৰীসকল ব্যাপক অসুবিধাত পৰিব লগা হৈছে।
ভাৰতৰ অসামৰিক বিমান নিয়ামক সঞ্চালকালয়ে (Directorate General of Civil Aviation) বিজুতিপূৰ্ণ প্ৰেট এণ্ড ৱিটনি ইঞ্জিন থকা ইণ্ডিগ’ৰ ৮ খন এ’৩২০নিঅ’ বিমান আৰু গ’ এয়েৰৰ তিনিখন বিমানৰ উৰণত নিষেধাজ্ঞা আৰোপ কৰিছে।
ইণ্ডিগ’ৰ লক্ষ্ণৌগামী এখন বিমান যোৱা সোমবাৰে ৪০ মিনিট উৰণৰ পিছতে মাজ আকাশতে ইঞ্জিনৰ বিজুতি ধৰা পৰা বাবে আহমেদাবাদত জৰুৰী অৱতৰণ কৰিব লগা হোৱাৰ পিছতে বিমান পৰিবহণ নিয়ামক সংস্থাটোৱে এই বিমান সমূহৰ উৰণ বন্ধ কৰিছে।
বিমানযাত্ৰা নিৰাপদ নিশ্চিত কৰিবৰ বাবে নিয়ামক সংস্থাটোৰ সঞ্চালকে ১২ মাৰ্চত জাৰি কৰা এক নিৰ্দেশত পি ডব্লিউ ১১০০ ইঞ্জিনযুক্ত এ’৩২০ নিঅ’চ বিমানসমূহৰ উৰণ তৎকালে কাৰ্য্যকৰী হোৱাকৈ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।
উল্লেখযোগ্য যে একেধৰণৰ ইঞ্জিন বিজুতিৰ বাবে ইণ্ডিগ’ৰ আন তিনিখন এ’৩২০ নিঅ’ ইঞ্জিনযুক্ত বিমানৰ যোৱা ফেব্ৰুৱাৰিৰে পৰা উৰণ বন্ধ হৈ আছে।
ইণ্ডিগ’ই গুৱাহাটীৰ উপৰি দিল্লী, মুম্বাই, চেন্নাই, ক’লকাতা, হায়দৰাবাদ, বেংগালুৰু, পাটনা, শ্ৰীনগৰ, ভুৱনেশ্বৰ, অমৃতচৰ আদি নগৰৰ পৰাও বিমান সেৱা বাতিল কৰিছে।