গোলাঘাটৰ ফলঙনিত পুনৰ বনৰীয়া হাতীৰ তাণ্ডৱ

ৰাজ্যখনত হাতী-মানুহৰ সংঘাত চলি থকাৰ সময়তে আজি পুনৰ গোলাঘাট জিলাৰ মৰঙি মৌজাৰ মুৰফুলনিত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই সন্ত্ৰাসৰ সৃষ্টি কৰে। সমগ্ৰ অঞ্চলটোত এতিয়া দিনে-নিশাই বনৰীয়া হাতীৰ সন্ত্ৰাসৰ ফলত প্ৰতিটো নিশা উজাগৰে কটাব লগীয়া হৈছে মৰঙিবাসীয়ে। বৃহস্পতিবাৰে পুৱা ৩ নং ফলঙনিত এটি বাসগৃহ বনৰীয়া হাতীয়ে ভঙাৰ পাছত আজি পুৱতি নিশা প্রায় ৩ বজাত পুনৰ ফুলনিবাৰী গাঁৱৰ যদুমণি শইকীয়াৰ বাসগৃহ বনৰীয়া হাতীয়ে ভাঙি লণ্ডভণ্ড কৰে। আনহাতে পিতৃহীন যদুমণি আৰু মাতৃ কলিমা শইকীয়াই বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা কথমপি পলাই নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। লক্ষণীয় যে মুৰফুলনি বন কাৰ্যালয়ৰ অধীনস্থ মুৰফুলনি,ফলঙনিকে ধৰি সমগ্ৰ অঞ্চলটোত সঘনাই বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই স্থানীয় ৰাইজৰ ঘৰ-দুৱাৰ, খেতি-পথাৰ আদি নষ্ট কৰি আহিছে যদিও স্থানীয় বন বিভাগে বৰ্তমানলৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। মুৰফুলনি বন কাৰ্যালয়ৰ বনকৰ্মীসকলৰ যাতায়াতৰ বাবে বাহনৰ কোনো উপযুক্ত ব্যৱস্থা নথকাৰ বাবে যথা সময়ত উপস্থিত হৈ বনৰীয়া হাতীৰ সন্ত্ৰাসৰ পৰা স্থানীয় ৰাইজ তথা দুখীয়া কৃষকসকলক ৰক্ষা কৰাত ব্যৰ্থ হৈছে বুলি অভিযোগ কৰিছে অঞ্চলটোৰ বাসিন্দাসকলে।