গোৰ্খা সম্প্ৰদায়ৰ বাবে গুৱাহাটীত সাংস্কৃতিক গৱেষণা কেন্দ্ৰ স্থাপন কৰিব ৰাজ্য চৰকাৰে

sarbananda sonowal assam cm

সৰ্বানন্দ সোণোৱাল। ফাইল ছবি।

ৰাজ্য চৰকাৰে গোৰ্ষাসকলৰ বাবে গুৱাহাটীত এটা সাংস্কৃতিক গৱেষণা কেন্দ্ৰ স্থাপন কৰিব। আজি দিচপুৰস্থিত অসম বিধান সভাৰ সভাকক্ষত ৰাজ্যখনৰ তিনিতা গোৰ্খা সম্প্ৰদায়ৰ প্ৰতিনিধিৰ সৈতে এক বৈঠকত মুখ্য মন্ত্ৰীজনে এই মন্তব্য কৰে।

ইয়াৰ উপৰি সম্প্ৰদায়টোৰ তিনি গৰাকী প্ৰবাদপ্ৰতীম ব্যক্তি ক্ৰমে ছবিলাল উপাধ্যায়, ভক্ত বাহাদুৰ প্ৰধান আৰু দলবীৰ সিং লোহাৰৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ক্ষেত্ৰটো চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি কয়। এইক্ষেত্ৰত চৰকাৰে প্ৰতিমূৰ্তি স্থাপনৰ বাবে ভূমি প্ৰদান কৰিব।

গোৰ্খাসকলক ৰাজ্যখনৰ বৃহত্তৰ জনগাঁথনিৰ এক অবিচ্ছেদ্য অংগ বুলি উল্লেখ কৰি কয় যে তেওঁলোকে ৰাজ্যখনৰ আৰ্থ-সামাজিক দিশ শক্তিশালী কৰাত প্ৰভূত অৰিহণা যোগাই আহিছে।

অসম নেপালী সাহিত্য সভা, গোৰ্খা ছাত্ৰ সন্থা আৰু অসম গোৰ্খা সন্মিলনৰ প্ৰতিনিধি সকলে বৈঠকত মুখ্য মন্ত্ৰীক গোৰ্খা লোকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যৰ বিষয়ে মুখ্য মন্ত্ৰীক অৱগত কৰে। এই ক্ষেত্ৰত মুখ্য মন্ত্ৰীয়ে যথোচিত পদক্ষেপ লোৱা হ’ব বুলি প্ৰতিনিধি দলটোক আস্বাস দিয়ে।

উল্লেখযোগ্য যে অসমত বৰ্তমান প্ৰায় ২৫ লাখ গোৰ্খা সম্প্ৰদায়ৰ লোক আছে।

আজিৰ বৈঠকত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য ,সচিব  টি ৱাই দাস, অতিৰিক্ত মুখ্য সচিব ক্ৰমে অলক কুমাৰ, ৰাজীৱ বৰাৰ লগতে জ্যেষ্ঠ বিষয়া সকল উপস্থিত উপস্থিত আছিল।