NORTHEAST NOW (Assamese)

গোৱালপাৰাত দুই ফৈদৰ মাজত সংঘটিত সংঘৰ্ষৰ ঘটনাৰ নতুন মোৰ

April 22, 2018 7:31 pm · এন ই নাও নিউজ

শনিবাৰে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকানত বিহুৰ চান্দা সংগ্ৰহক লৈ দুই ফৈদৰ মাজত এক সংঘৰ্ষৰ সৃষ্টি হৈছিল। য’ত কেইবাজনো সদস্য গুৰুতৰভাৱে আহত হৈছিল। কিন্তু আজি (দেওবাৰ) এই ঘটনাই এক নতুন মোৰ লৈছে।

প্ৰাপ্ত তথ্য মতে শনিবাৰে ক্ষুব্ধ লোকে জ্বলাই দিয়া এটা ঘৰত উদ্ধাৰ হৈছে বাণ্ডিলে বাণ্ডিলে আধাপোৰা ৫০০ টকীয়া নোট। এটা ষ্টিলৰ আলমিৰাৰ ভিতৰত ৰখা হৈছিল এই ৫০০ টকীয়া নোটৰ বাণ্ডিল সমূহ।

আনহাতে লক্ষাধিক টকাৰ আধাপোৰা নোট উলোৱাত অঞ্চলটোৰ স্থানীয় ৰাইজ হতবাক হৈ পৰে।

উল্লেখযোগ্য যে শনিবাৰে গোৱালপাৰা জিলাৰ কৃষ্ণাই কমিটিৰ সদস্যক অৰ্চাড গ্ৰীণ নাৰ্চাৰীৰ কৰ্মচাৰীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। ফলত বিহু কমিটিৰ ৪ জনকৈ সদস্য গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।

ইফালে বিহু কমিটিৰ সদস্যক আক্ৰমণ কৰাৰ পিছতে বিহু কমিটিৰ অন্য একাংশ সদস্য ক্ষুব্ধ হৈ নাৰ্চাৰীখনৰ এটা বাসৃগহ, এখন বাইক আৰু এখন পিকআপ ভান জ্বলাই দিছিল।

Related News