NORTHEAST NOW (Assamese)

গোৱালপাৰাত দেওশীলা দলঙৰ তলত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া এটি বোবা শিশু

June 19, 2018 4:52 pm · নীলমণি শৰ্মা

গোৱালপাৰা ৰংজুলিৰ ধনুভাঙাৰ দেওশীলা দলঙৰ তলত আজি ১৯ জুনৰ পুৱা প্ৰায় ছবছৰ মান বয়সৰ বোবা ল’ৰা এটা অসুস্থ অৱস্থাত উদ্ধাৰ হৈছে।

দলঙখনৰ তলত কান্দি-কাটি অসুস্থ হৈ পৰা শিশুটি ধূপধৰা আৰক্ষীয়ে উদ্ধাৰ কৰি ধূপধৰা চিকিৎসালয়ত ভৰ্তি কৰিছে।

জানিব পৰা মতে ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ধনুভাঙা-দেওশীলা দলঙৰ তলত আজি পুৱা স্থানীয় লোকে কান্দি থকা শিশুটিক দেখা পায়।

পিছত স্থানীয় কেইজনমান লোকে শিশুটিক দলঙৰ তলৰ পৰা উদ্ধাৰ কৰি ধূপধৰা আৰক্ষীক খবৰ দিয়ে৷

কথা ক’ব নোৱৰা বাবে শিশুটিৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই৷ আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে যদিও কোনে ল’ৰাটো এনেকে এৰি গ’ল এতিয়ালৈকে জানিব পৰা হোৱা নাই।

আনহাতে শাৰিৰীক গঠনৰ ফালৰ পৰা শিশুটি শাৰিৰীকভাৱে বাধাগ্ৰস্ত বুলি ধাৰণা কৰা হৈছে।

এটি শিশুক এনেদৰে এৰি থৈ যোৱা ঘটনাটোৰ অমানৱীয়তাই অঞ্চলবাসীক হতচকিত কৰিছে৷

Related News