আগন্তুক গণৰাজ্য দিৱসক কেন্দ্ৰ কৰি আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ সময়তে গোৱালপাৰা জিলাৰ পৰা দুজনকৈ উগ্ৰপন্থীক আটক কৰাৰ খবৰ পোৱা গৈছে। প্ৰাপ্ত তথ্য মতে কালি নিশা সেনা-আৰক্ষীয়ে যুটীয়া অভিযান চলাই গোৱালপাৰা জিলাৰ দুধনৈ-ডাবেলী অঞ্চলৰ পৰা জি এন এল এৰ দুজন সদস্যক আটক কৰে। ধৃত জি এন এল এৰ সদস্য দুজনৰ এজন মেঘালয়ৰ ৰেচুবেলপাৰাৰ সামন মাৰাক (২৫) আৰু আনজন লক্সষ্টাৰ মাৰা বুলি আৰক্ষীয়ে চিনাক্তকৰণ কৰিছে। আৰক্ষীয়ে লগতে আটকাধীন এই দুই গাৰো উগ্ৰপন্থী সদস্যকেইজন বহু দিনৰে পৰা জি এন এল এৰ লগতে আলফা (স্বাঃ) লগতো জড়িত বুলি জানিবলৈ দিয়ে। আৰক্ষীয়ে গাৰো উগ্ৰপন্থী সদস্যকেইজনৰ পৰা অভিযানকালত এটা ৭.৬৫ এম এম পিষ্টল, দুটা সজীৱ গুলী, দুটা মোবাইল, এটা মেগজিন আৰু এ এছ ১৮-৮৫৬৪ নম্বৰৰ এখন হিৰো হ’ণ্ডা মটৰচাইকেল জব্দ কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি ধৃত দুই উগ্ৰপন্থী সদস্যক দুধনৈ আৰক্ষীয়ে জেৰা চলাই আছে বুলি জানিব পৰা গৈছে ৷