NORTHEAST NOW (Assamese)

গোৱালপাৰাৰ ধনুভঙাত বনৰীয়া হাতীৰ উপদ্ৰৱ, এটা পৰিয়ালৰ পাঁচটা ঘৰ ধ্বংস

July 18, 2018 2:46 pm · নীলমণি শৰ্মা
প্ৰতিনিধিত্বমূলক চিত্ৰ

গোৱালপাৰা জিলাৰ ধনুভাঙাত পুনৰ বনৰীয়া হাতীৰ উপদ্ৰৱ। আজি পুৱতি নিশা ধনুভাঙাৰ দুৰামাৰী গাঁৱত এটা পৰিয়ালৰেই পাঁচটাকৈ ঘৰ ভাঙি তাণ্ডৱ চলালে বনৰীয়া হাতীয়ে।

কেতেকী কছাৰী নামৰ এগৰাকী বিধৱা মহিলাৰ পৰিয়ালত তিনিটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি এই তাণ্ডৱ চলায়। হাতীয়ে ভঙা পাঁচটা ঘৰৰ ভিতৰত এটা চৰকাৰী IAY গৃহও আছিল বুলি জানিব পৰা গৈছে।

গোটেই কেইটা ঘৰ ভঙাৰ উপৰি পৰিয়ালৰ লোককেইজনৰ ওপৰতো আক্ৰমণ চলাইছিল। কিন্তু কথমপিহে প্ৰাণ ৰক্ষা পৰিল একমাত্ৰ পুত্ৰসহ কেতেকী কছাৰীৰ।

ঘৰ দুৱাৰ ভঙাৰ পিছত বাচন বৰ্তন সমূহো লণ্ড-ভণ্ড কৰি ঘৰত থকা চাউলো খাই যায় হতীৰ এই জাকটোৱে। পৰিয়ালটোৰ আটাইকেইটা ঘৰ ভাঙি পেলোৱাত এতিয়াত প্ৰায় গৃহহাৰা হৈ পৰিছে এই অসহায় মহিলা গৰাকীৰ সৰু পৰিয়ালটো।

উল্লেখযোগ্য যে ৰংজুলি, ধনুভাঙা অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ দীৰ্ঘ দিনৰ পৰাই চলি আহিছে l গতিকে এই সমস্যাৰ এটা স্থায়ী সমাধানৰ বাবে বন বিভাগক ৰাইজে বাৰম্বাৰ আহ্বান জনাই আহিছে যদিও চৰকাৰ বা বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Related News