গোৱালপাৰাৰ ‘লাডেন’ৰ দৰেই তিনিচুকীয়াৰ পেঙেৰীত সন্ত্ৰাস ‘বান্দীয়া’ৰ; এবছৰত প্ৰাণ ল’লে ১৫জনৰ

Wild jumbo attack at tinisukia

অবাধ বন ধ্বংসৰ ফলস্বৰূপে খাদ্যৰ অভাৱত তিনিচুকীয়াৰ আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা বনৰীয়া হাতীয়ে বিগত কিছুদিনৰ পৰা মাৰ্ঘেৰিটাকে ধৰি পেঙেৰী অঞ্চলত অবৰ্ণনীয় তাণ্ডৱৰ সৃষ্টি কৰি আহিছে।

যোৱা নিশাও বনাঞ্চলখনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা ‘বান্দীয়া’ নামেৰে পৰিচিত বনৰীয়া হাতীটোৱে পেঙেৰীৰ ব্ৰহ্মজান নতুন গাঁৱত তাণ্ডৱ চলাই গাওঁখনৰ ভক্ত সোনাৰ নামৰ ব্যক্তিজনৰ বাসগৃহটো ভাঙি লণ্ডভণ্ড কৰি ধ্বংসস্তূপত পৰিণত কৰে। হাতীটোৰ আক্ৰমণৰ পৰা পৰিয়ালৰ লোকসকলে কথমপি দৌৰি প্ৰাণৰক্ষা কৰে।

উল্লেখযোগ্য যে ‘বান্দীয়া’ নামেৰে অঞ্চলটোত পৰিচিত এই হাতীটোৱে বিগত এবছৰ ধৰি পেঙেৰী অঞ্চলত তাণ্ডৱ চলাই বহুকেইটা বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে হাতীটোৰ আক্ৰমণত ইতিমধ্যে ১৫ জন লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে।

বৰ্তমান অঞ্চলটোত সন্ত্ৰাসৰ কাৰণ হৈ পৰা ‘বান্দীয়া’ৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ আহ্বান জনাই স্থানীয় ভুক্তভোগী লোকে এইক্ষেত্ৰত বনবিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।