গোৱালপাৰাৰ শিমলিতোলা গাঁওত বহিল কুখ্যাত খাপ পঞ্চায়ত

Moral-policing-570x320

ছচিয়েল মেডিয়াত আপলোড কৰা এটা ভিডিঅ’ত এহাল দম্পতিক মৰেল পুলিচে অকথ্য নিৰ্যাতন কৰা দেখা গৈছে। ঠিক যেন হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পশ্চিমাঞ্চলৰ জাট সম্প্ৰদায় লোকৰ মাজত প্ৰচলিত খাপ পঞ্চায়ত। খাপ পঞ্চায়তৰ বিচাৰসভাত দোষী সাব্যস্ত কৰি নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে যুৱক-যুৱতীহালক। বিচাৰসভাত গোট খোৱা এজুম মানুহে কাঠৰ পুতলাৰ দৰে যুৱক-যুৱতীহালত নিৰ্যাতন কৰা দৃশ্য মাথোঁ চাই ৰৈ গৈছিল।

আৰক্ষী সূত্ৰত প্ৰকাশ যে সভ্য সমাজত এই অসহজ লগা ঘটনাটো গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত শিমলিতোলা গাঁওত সংঘটিত হৈছে।

কিছুমান লোকে এই যুৱক-যুৱতীহালক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ভিডিঅ’ কৰিছিল আৰু সেয়া এতিয়া ছচিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াত যুৱক এজনে যুৱতীগৰাকীক বাঁহৰ লাঠিৰে নিৰ্মম প্ৰহাৰ কৰা দেখা হৈছে। য’ত ভালেকেইগৰাকী লোকে এই দৃশ্যৰ নীৰৱ দৰ্শকৰ ভূমিকা পাৰলন কৰি আছে।

এই ঘটনাটো সন্দৰ্ভত ৰংজুলী আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু এই ঘটনাৰ সৈতে জড়িত কুৰবান আলী নামৰ লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ বিশ্বাস যে যুৱক-যুৱতীহালৰ আক্ৰমণৰ ঘটনাটো এটা মৰেল পুলিচগিৰিৰ ঘটনা।

যোৱা ৯ এপ্ৰিলটো এনেধৰণৰ ঘটনা এটিৰ তথ্য পোহৰলৈ আহিছে। এগৰাকী মহিলাই তেওঁৰ পুৰুষ বন্ধু এজনৰ সৈতে কৃষ্ণাইত থকা চিকিৎসা কেন্দ্ৰলৈ আহি থকা অৱস্থাত কেইজনমান লোকে তেওঁলোকক  অপদস্ত কৰিছিল।

সেই ঘটনাৰ সৈতে জড়িত অতি কমেও ১২জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। অনুৰূপ ঘটনা এটাত  আওলগুৰি এলেকাতএগৰাকী ২২ বছৰীয়া যুৱতীক তেওঁৰ পুৰুষ বন্ধুৰ সৈতে একেলগে গৈ থকা অৱস্থাত এদল লোকে বেলাকৈ মাৰধৰ কৰিছিল।