গোৱালপাৰা জিলা কাৰাগাৰত ‘ডি’ ভোটাৰৰ অনশন

goalpara jail

গোৱাৰপাৰা জিলা কাৰৰাগাৰৰ বন্দী শিবিৰত সোমবাৰৰ পৰা ‘ডি’ (সন্দেহজনক) ভোটাৰসকলে আৰম্ভ কৰা অনশন কাৰ্যসূচী আজি তৃতীয় দিনত ভৰি দিছে। আমালৈ অহা শেহতীয়া বাতৰি অনুসৰি এই অনশনৰ ফলত ইতিমধ্যে সাতজন কয়দী গুৰুতৰভাৱে অসুস্থ হোৱা বুলি জানিব পৰা গৈছে।

অনশনৰ ফলত অসুস্থ হৈ পৰা কয়দী কেইজনক জেইল কৰ্তৃপক্ষই কাৰাগাৰতে চিকিৎসাৰ ব্যৱস্থা কৰা বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাৰাগাৰ কৰ্তৃপক্ষই অধিক চিকিৎসক-কৰ্চাৰী নিয়োগৰ ব্যৱস্থা কৰা বুলিও সূত্ৰটোৱে জানিবলৈ দিয়ে।

তথ্য অনুসৰি গোৱালপাৰা জিলা কাৰাগাৰত বন্দী হৈ থকা ২৫১ জন কয়দীৰ ভিতৰত ‘ডি’ ভোটাৰ হিচাপে কাৰাৰুদ্ধ হৈ থকা দুশৰো অধিক কয়দীয়ে অভিযোগ কৰি কয় যে তেওঁলোকক ভাৰতীয় নাগৰিক হোৱা স্বত্বেও আৰু প্ৰযোজনীয় নথিপত্ৰ থকা সত্ত্বেও ‘ডি’ ভোটাৰ সজাই কাৰাগাৰত আৱদ্ধ কৰি ৰখা হৈছে। সেয়েহে তেওঁলোকে ইয়াৰ সমাধান নোহোৱা পৰ্যন্ত অনশন কাৰ্যসূচী ৰূপায়ন কৰি যাব বুলি জনায়।

‘ডি’ (সন্দেহজনক) ভোটাৰ হিচাপে আৱদ্ধ হৈ থকা কয়দীসকল হ’ল ধুবুৰীৰ ২০জন, দক্ষিণ শালমাৰাৰ তিনিজন, কোকৰাঝাৰৰ আঠজন, চিৰাঙৰ ২৪জন, বঙাইগাঁৱৰ ৩১জন, গোৱালপাৰাৰ ৩০জন, বৰপেটাৰ ৩৩ জন, নলবাৰীৰ ১৮জন, গুৱাহাটীৰ ২০জন, কামৰূপ গ্ৰাম্য জিলাৰ দুজন, কৰিমগঞ্জৰ দুজন, নগাঁৱৰ পাঁচজন, মৰিগাঁৱৰ পাঁচজন, ওদালগুৰিৰ তিনিজন, শোণিতপুৰৰ এজন, বাগসাৰ এজন, ৰেইলৱে পাণ্ডুৰ ছজন, আৰু হোজাইৰ দুজন।

উল্লেখ্য যে অনশনকাৰীসকলে গোৱালপাৰা জিলা কাৰাগাৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত ৰাখিব বুলি জানিবলৈ পোৱা গৈছে।