NORTHEAST NOW (Assamese)

গৌৰীসাগৰত গাড়ী চোৰক আটক : পিক আপ ভেন চুৰ কৰি আনি থাকোঁতেই আৰক্ষীৰ জালত পৰিল

December 2, 2017 7:05 pm · এন ই নাও নিউজ ব্যুৰো:
গৌৰীসাগৰ আৰক্ষীয়ে আটক কৰা গাড়ীচোৰ দুজন।

কালি মাজনিশা এক নিৰ্ভৰযোগ্য সূত্ৰৰ পম খেদি গৌৰীসাগৰ আৰক্ষীয়ে দুজন গাড়ীচোৰক আটক কৰে। গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দাদু বৰাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে তহলদাৰী আৰক্ষীয়ে ৰয়িঙৰ দিশৰ পৰা আহি থকা এখন দ্ৰুতবেগী পিক আপ ভেন ৰখায়। গাড়ীখনত অহা যুৱককেইজনক জেৰা কৰাত এই কথা ওলাই পৰে যে তেওঁলোকৰ হাতত গাড়ীখনৰ কাগজ-পত্ৰ নাই। লগতে দুইজনে জনায় যে তেওঁলোকে গাড়ীখনৰ মালিকৰ নাম নাজানে। গাড়ীচোৰ দুজনক ক্ৰমে মৰিগাওঁ জিলাৰ ৰকিবুল হুছেইন আৰু নগাওঁ জিলাৰ আলাল উদ্দিন বুলি জনা গৈছে। তেওঁলোকে ৰয়িঙৰ এটা নিৰ্মাণ কোম্পানীত কাম কৰি আছিল। তেওঁলোকে চুৰ কৰি অনা গাড়ীখনৰ নং AS-19C-7967.

 

Related News