গ্রন্থৰ সুবাস বিচাৰি চামতা আঞ্চলিক সাহিত্য সভাৰ ব্যতিক্ৰমী অভিযান

চামতা গ্ৰন্থ সংগ্ৰহ

নলবাৰী জিলাৰ অন্তৰ্গত চামতা আঞ্চলিক সাহিত্য সভাৰ উদ্যোগত ১ জুলাইৰ পৰা ২৯জুলাইলৈ গ্ৰন্থ সংগ্ৰহ অভিযান চলাই থকা হৈছে। চামতা আঞ্চলিক সাহিত্য সভাৰ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মনৰ নেতৃত্বত চলি থকা এই গ্ৰন্থ সংগ্ৰহ অভিযান কাৰ্য্যসূচীত ইতিমধ্যে কেবাগৰাকীও বিশিষ্ট লিখক-সাহিত্যিকে বহু সংখ্যক মূল্যবান গ্ৰন্থ সাহিত্য সভাক প্ৰদান কৰিছে।

ইয়াৰ ভিতৰত পশ্চিম নলবাৰী অঞ্চলৰ গামাৰিমুৰী গাৱঁৰ বাসিন্দা তথা বিশিষ্ট লিখক-সাহিত্যিক, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ,নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° খগেন ডেকা, লিখক-সাহিত্যিক তথা উত্তৰ ধৰ্মপূৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভুৱনেশ্বৰ ডেকা, লিখক-প্ৰৱন্ধকাৰ  চমতা নিবাসী তথা কামপীঠ কনিষ্ঠ মহাবিদ্যালয়,কৈঠালকুছিৰ প্ৰৱক্তা হৰ্ষমোহন শৰ্মা প্ৰমূখ্যে কেবাগৰাকীও লিখকে বহু মূল্যবান গ্ৰন্থ সাহিত্য সভালৈ প্ৰদান কৰে।

গ্ৰন্থৰ সুবাস বিচাৰি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ এই প্ৰয়াসত ব্যাপক সঁহাৰি লাভ কৰিছে চামতা আঞ্চলিক সাহিত্য সভাই। গ্ৰন্থ অধ্যয়নৰ লগতে আপুৰুগীয়া গ্ৰন্থসমূহৰ সংৰক্ষণৰ দিশতো অনুষ্ঠানটোৱে এক সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে আগবাঢ়িছে।

আনহাতে, অহা ১৩ জুলাইত চামতাত এক গ্ৰন্থ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি চামতা আঞ্চলিক সাহিত্য সভাৰ সম্পাদকে জনাইছে।