গ্ৰাম্য স্বৰাজ অভিযান : বোকাখাতত কৃষক কল্যান কৰ্মশালা অনুষ্ঠিত

গ্ৰাম্য স্বৰাজ অভিযানৰ লগত সংগতি ৰাখি আজি দেশৰ বিভিন্ন প্ৰান্তৰৰ লগতে বোকাখাতত থকা গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ সভা কক্ষত কৃষক কল্যান কৰ্মশালা অনুষ্ঠিত হয়।

বোকাখাত মহকুমা কৃষি বিভাগৰ উদ্যোগত আয়োজিত এই কৰ্মশালাত বোকাখাতৰ বিভিন্ন পঞ্চায়ত এলেকাৰ পৰা অহা প্ৰায় শতাধিক কৃষকে অংশ গ্ৰহন কৰে।

কৰ্মশালাখনত বোকাখাত মহকুমা কৃষি বিষয়া ৰঞ্জিত শৰ্মা, মহকুমা পশু পালন বিষয়া ৰঞ্জিত বৰা আৰু গোলাঘাট জিলাৰ খুমটাইত থকা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী মাধুৰীমা গগৈৰ লগতে বিভিন্ন বিভাগৰ বিষয়া সকলে সমল ব্যক্তি হিচাবে উপস্থিত থাকি কৃষকসকলক বিভিন্ন চৰকাৰী আঁচনি সমুহৰ বিষয়ে বিস্তৃত ভাৱে অৱগত কৰে।

কৃষি বিজ্ঞানী মাধুৰীমা গগৈয়ে বিজ্ঞান সন্মত কৃষি পদ্ধতিৰে কৃষকে কেনেদৰে উপকৃত হব পাৰে তাৰ ওপৰত আলোকপাত কৰে,  ইয়াৰ উপৰি মহকুমা কৃ্ষি বিষয়া ৰঞ্জিত শৰ্মাই কৃষকৰ কল্যানৰ বাবে মহকুমাটোত ইতিমধ্যে কৃষি মন্ত্ৰী অতুল বৰাৰ উদ্যোগত ১১৫ খন পাৱাৰ টিলাৰ আৰু ৩৫ ট্ৰেক্টৰ বিতৰণ কৰা হৈছে বুলি ব্যক্ত কৰে ৷

উক্ত কৰ্মশালাখনৰ লগতে বোকাখাত মহকুমা পশুপালন বিভাগৰ সৌজন্যত অনুষ্ঠানটোত এক পশু স্বাস্থ্য শিৱিৰো অনুষ্ঠিত হয় ৷ এই শিৱিৰত স্থানীয় পশুপালক সকলৰ মাজত পশুধনৰ বাবে আৱশ্যকীয় বিভিন্ন ঔষধ বিনামুল্যে বিতৰণ কৰা হয় ৷