NORTHEAST NOW (Assamese)

গ্ৰাম স্বৰাজ অভিযানৰ অধীনত মাজুলীত গ্ৰাম শক্তি দিৱস উদযাপন

April 28, 2018 10:28 pm · মিটু খাটনিয়াৰ

১৪ এপ্ৰিলৰ পৰা ৫ মে’ লৈকে দেশজুৰি অনুষ্ঠিত গ্ৰাম স্বৰাজ অভিযান অংশ হিচাপে ৰাজ্যৰ আন আন ঠাইৰ লগতে মাজুলীতো আজি গ্ৰাম স্বৰাজ অভিযানৰ অধীনত গ্ৰাম শক্তি দিৱস উদযাপন কৰা হয়।

এই উপলক্ষে মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত তথা এ পি ডি চি এল আৰু মাজুলী সংমণ্ডলৰ সহযোগত নামনি মাজুলীৰ আঁহতগুৰি হাইস্কুল প্ৰাঙ্গনত এই দিৱসৰ কাৰ্যসূচী অনুস্থিত কৰা হৈছিল।

এই অনুস্থানতে ‘প্ৰধানমন্ত্ৰী সহজ হৰ ঘৰ বিজুলী যোজনা’ (সৌভাগ্য যোজনা)ৰ অধীনত ১২৪টা দুখীয়া পৰিয়ালক এ পি ডি চি এলে বিনামূলীয়া বিদ্যূৎ সংযোগ প্ৰদান কৰে।

অনুষ্ঠানটোত জিলা প্ৰশাসন তথা সংশ্লিষ্ট বিভাগৰ কেইবা গৰাকী জ্যেষ্ঠ বিষয়াৰ লগতে স্থানীয় লোকসকল উপস্থিত আছিল।

Related News