‘গ্ৰাম স্বৰাজ অভিযান’ৰ অধীনত কোকৰাঝাৰ জিলাত বিনামূলীয়া ৰন্ধন গেছ বিতৰণ

ৰন্ধন গেছ

বি জে পি চৰকাৰৰ ন আঁচনি ‘গ্ৰাম স্বৰাজ অভিযান’ৰ অধীনত সমগ্ৰ ভাৰতৰ লগতে আজি (শুকুৰবাৰে) কোকৰাঝাৰ জিলাতো বিভিন্ন গাঁও অঞ্চলত গল্ডটাছ গেছ এজেন্সিয়ে ৰন্ধন গেছ বিতৰণ কৰে।

আনহাতে এই বিনামূলীয়া ৰন্ধন গেছ বিতৰণ কৰা সভাত স্থানীয় প্ৰতিনিধি তথা বি টি চিৰ কাৰ্যবাহী সদস্য দনেস্বৰ গয়াৰী, আই অ’ চি এলৰ নডেল বিষয়া বিকাশ মহন্ত, বি পি এফৰ মহিলা নেত্ৰী মালতি ৰাণী ব্ৰহ্ম , বি টি চিৰ যোগান বিভাগৰ বিভাগীয় মুৰব্বী বিষয়া জতিন বসুমতাৰীকে ধৰি বিভাগীয় কৰ্মী সকল উপস্থিত  থাকে।

গল্ডটাছ গেছ এজেন্সিৰ বিষয়া ববিতা ব্ৰহ্মৰ সভাপতিত্বত আয়োজিত সভাত  দনেস্বৰ গয়াৰী আৰু মালতি ৰাণী ব্ৰহ্মই বি জে পি চৰকাৰৰ এই ন আঁচনিৰ বিষয়ে বিষদভাৱে অৱগত কৰে। লগতে কোনো দিন গেছ ব্যৱহাৰ কৰি নোপোৱা দুখীয়া মহিলা তথা হিতাধীকাৰী সকলক ৰন্ধন গেছ বিতৰণ কৰি গেছ ব্যৱহাৰৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰে।

নডেল বিষয়া বিকাশ মহন্তই জনোৱা অনুসৰি কোকৰাঝাৰ জিলাৰ মুঠ দহখন গাঁও ক্ৰমে ঔৱাবাৰী, টুৰিবাৰী, শ্যামটাইবাৰী, চট শিংমাৰী, জয়ভুম, হাব্ৰুবাৰী, বাটাবাৰী,আদাবাৰী আদি  সাঙুৰি দহ সহস্ৰাধিক হিতাধীকাৰীক বিনামূলীয়া ৰন্ধন গেছ বিতৰণ কৰা হয়।

লগতে উক্ত আঁচনিৰ আধাৰতে অহা ৫  মে’ৰ ভিতৰত ৰন্ধন গেছ বিতৰণ কৰি কোকৰাঝাৰৰ ১৯৩ গাঁও ধোঁৱাবিহীন কৰাৰ সংকল্প লোৱা বুলিও বিষয়াজনে জানিবলৈ দিয়ে।