NORTHEAST NOW (Assamese)

গ্ৰেইড পে’ৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষকৰ মাজত বৈষম্য সৃষ্টিৰ চেষ্টাক গৰিহণা প্ৰাথমিক শিক্ষক সন্মিলনীৰ

June 6, 2018 11:28 am · এন ই নাও নিউজ

সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদনৰ আসোঁৱাহ নিৰাময় সমিতিৰ পৰামৰ্শৰ ভিত্তিত ৰাজ্য চৰকাৰে গ্ৰেইড পে’ৰ ক্ষেত্ৰত ৰাজ্যখনৰ লক্ষাধিক প্ৰাথমিক শিক্ষকৰ মাজত বৈষম্য সৃষ্টি কৰি গ্ৰহণ কৰা স্থিতিৰ তীব্ৰ বিৰোধিতা কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে।

চৰকাৰৰ এনে বৈষম্যমূলক কাৰ্যৰ বিৰুদ্ধে প্ৰাথমিক শিক্ষক সন্মিলনীৰ সদস্যসকলে আজি ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিছে।

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি জীৱন বৰা আৰু প্ৰধান সম্পাদক ৰাতুল গোস্বামীয়ে কয় যে বিষয়টো সন্দৰ্ভত পৰৱৰ্তী সিদ্ধান্ত তথা কাৰ্যপন্থা নিৰূপণৰ বাবে ১০ জুনত সন্মিলনীৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা পতা হ’ব।

একে প্ৰক্ৰিয়াৰে নিযুক্তি দিয়া প্ৰাথমিক শিক্ষকসকলৰ গ্ৰেড পে’ৰ এনেকুৱা ভিন্নতা সৃষ্টি কৰিব বিচৰাটো ষড়যন্ত্ৰমূলক বুলি তেওঁলোকে অভিযোগ কৰে। প্ৰধান সম্পাদক গোস্বামীয়ে কয় যে মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু বিজ্ঞান শিক্ষকৰ বাহিৰে প্ৰাথমিকৰ পৰা মধ্য ইংৰাজী পৰ্যায়লৈ শিক্ষকৰ গ্ৰেড পে’ৰ নিৰিখ একেই আৰু সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদনতো এই ব্যৱস্থা বাহাল ৰখা হৈছে।

কিন্তু আসোঁৱাহ দূৰীকৰণ সমিতিৰ প্ৰতিবেদনত প্ৰাথমিক শিক্ষকৰ বাবে এটা আৰু এম ই, এম ভি শিক্ষকৰ বাবে আন এটা নিৰিখ কৰাৰ ফলত ৰাজ্যৰ প্ৰায় ১.১৫ লাখ প্ৰাথমিক শিক্ষক বৈষম্যৰ বলি হ’ব। দুয়োজনে চৰকাৰৰ এই বিতৰ্কিত তথা বৈষম্যমূলক স্থিতি পুনৰ বিবেচনা কৰিবলৈ সন্মিলনীয়ে দাবী জনাইছে।

Related News