NORTHEAST NOW (Assamese)

গড়চুক আৰক্ষীৰ অভিযানত জব্দ দহ কাৰ্টন নিচাযুক্ত কফ চিৰাপ; দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

June 12, 2018 1:15 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

গুৱাহাটী মহানগৰীৰ গড়চুক আৰক্ষীয়ে আজি ৰাতিপুৱা মহানগৰীৰ কটাহবাৰী অঞ্চলত এক অভিযান চলায় ১০ কাৰ্টন নিচাযুক্ত কফ চিৰাপ  জব্দ কৰে। এক গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই এই বৃহৎ পৰিমাণৰ কাহৰ দৰবখিনি জব্দ কৰিবলৈ সক্ষম হয়।

এই বৃহৎ পৰিমাণৰ নিষিদ্ধ কাহৰ দৰবখিনিৰ লগতে দুজন সৰবৰাহকাৰীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰী দুজনৰ ঠিকনা লাভ কৰা হোৱা নাই যদিও চাদেক আলী আৰু ৰঞ্জিত বিশ্বাস বুলি চিনাক্ত কৰা হৈছে।

গুৱাহাটীৰ পৰা এখন টাটা মেজিকেৰে এই নিচাজাতীয় কফ চিৰাপখিনি ছয়গাঁৱলৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে লোক দুজনৰ সৈতে মেজিকখন জব্দ কৰে বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে মেজিকখনত থকা ১০ টা কাৰ্টনৰ পৰা অভিযানকাৰী দলটোৱে মুঠ ১০০০ টা কফ চিৰাপৰ বটল জব্দ কৰে।

Related News