NORTHEAST NOW (Assamese)

গড়ভঙা বনাঞ্চলত অসুস্থ হৈ থকা ‘ৰামু’ৰ বুজ ল’লে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই

May 28, 2018 9:13 pm · এন ই নাও নিউজ

গুৱাহাটী মহানগৰীৰ দাঁতিতে লাগি থকা লখৰাৰ কটকীপাৰাৰ পৰা অলপ দূৰত থকা গড়ভঙা বনাঞ্চলত আঘাতপ্ৰাপ্ত হৈ যন্ত্ৰণাত ছটফটাই থকা ৰামুৰ অৱস্থাৰ বুজ লবলৈ কটকীপাৰা পাহাৰত আজি উপস্থিত হয় বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য।

উল্লেখযোগ্য যে বিগত প্ৰায় পাঁচদিনে লখৰাস্থিত বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ তত্বাৱধানত গুৱাহাটী চিৰিয়াখানাৰ চিকিৎসক অৰিন্দমৰ তত্বাৱধানত চিকিৎসা চলি থকা আহত হাতীটোৰ খবৰ ল’বলৈ গড়ভঙা বনাঞ্চলৰ কটকীপাৰা পাহাৰত উপস্থিত হয় বনমন্ত্ৰীৰ লগতে বন বিভাগৰ শীৰ্ষ পৰ্যায়ৰ বিষয়ববীয়া সকল।

আনহাতে ১৫ বছৰীয়া আহত হাতীটোৰ চিকিৎসা তথা খাদ্য যোগানৰ ক্ষেত্ৰত স্থানীয় ৰাইজে লোৱা ভূমিকাক বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰশংসা কৰে। লগতে ৰামু নামৰ হাতীটোৰ চিকিৎসাৰ ক্ষেত্ৰত ল’ব লগীয়া সকলো ব্যৱস্থা বন বিভাগে ল’ব বুলিও মন্ত্ৰীজনে মত প্ৰকাশ কৰে।

মন কৰিব লগীয়া যে গড়ভঙা বনাঞ্চলত আঘাতপ্ৰাপ্ত হৈ যন্ত্ৰণাত ছটফটাই থকা হাতীটোক কালি বন বিভাগৰ চিকিৎসকৰ দলে ট্ৰেংকুলাইজড কৰি চিকিৎসা কৰে।  আৰু এই চিকিৎসাৰ ফলত হাতীটোৰ জীৱন ৰক্ষা পৰাৰ আশা দেখিছে দলটোৱে।

Related News