NORTHEAST NOW (Assamese)

গৰু বিহুৰ দিনা গৰু গা ধুৱাবলৈ যাওঁতে নদীত ডুবি মৃত্যু বাক্সাৰ সাউদৰভিঠাৰ এটি কিশোৰৰ

April 15, 2018 7:14 am · শশাংক তালুকদাৰ

গোটেই ৰাজ্যখনতে চ’তৰ সংক্ৰান্তি উপলক্ষে গৰু বিহু পালন কৰা সময়তে শনিবাৰে নদীত গৰু ধুৱাবলৈ গৈ এক শোকাবহ দুৰ্ঘটনাত বাক্সা জিলাৰ সাউদৰভিঠাৰ দঙাৰপাৰ নদীত ডুবি এটি কিশোৰৰ মৃত্যু হয়।

মৃত কিশোৰটিক ৰাকেশ তালুকদাৰ বুলি চিনাক্ত কৰা হৈছে।

ঘনশ্যাম তালুকদাৰৰ পুত্ৰ ১৪ বছৰীয়া ৰাকেশ নৱম শ্ৰেণীৰ ছাত্ৰ আছিল আৰু বাক্সা জিলাৰ সাউদৰ ভিঠাৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ আছিল।

গৰু বিহুৰ দিনাখন গৰু গা ধুৱাবলৈ নদী বা পুখুৰীলৈ লৈ যোৱা হয়। মাহ-হালধী সানি গা ধুৱাই লাও বেঙেনাৰ মালা পিন্ধাই দীঘলতি আৰু মাখিয়তি আদিৰে গাত কোৱাই প্ৰতীকী ৰূপত গৰু বিহু পালন কৰা হয়।

ৰাকেশে দঙাৰপাৰ নদীত তেওঁলোকৰ গৰুকেইটাক গা ধুৱাবলৈ লৈ যাওঁতেই দুৰ্ঘটনাটো সংঘটিত হয়। গৰু কেইটাক গা ধুওৱাৰ পিছত সিঁহতক পিন্ধাৱলৈ মালা বিচৰাৰ সময়তে তেওঁ নদীত ডুবি যায়।

স্থানীয় লোকে তেওঁক নদীৰ পৰা উদ্ধাৰ কৰি ওচৰৰ হাস্পাতললৈ লৈ যায় যদিও চিকিৎসকে ৰাকেশক মৃত বুলি ঘোষণা কৰে।

কিশেৰটিৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।

মৰমোত্তৰ পৰীক্ষাৰ বাবে পিছত মৃতদেহটো বাক্সা জিলাৰ মুছলপুৰলৈ প্ৰেৰণ কৰা হৈছে।

Related News