গৰ্ভৱতী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

Nagaon

নগাঁও জিলাৰ চামগুৰিত অৱস্থিত চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এগৰাকী দৰিদ্ৰ পৰিয়ালৰ গৰ্ভৱতী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি কালি আৱেলি শতাধিক ৰাইজে চিকিৎসালয়খন ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

জানিব পৰা মতে, চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাগড়া হাগ্ৰাপুলিৰ অতি দৰিদ্ৰ পৰিয়ালৰ নাৰায়ণ গোৱালাৰ পত্নী দীপালি গোৱালাক যোৱা ১২ জুনত দিনৰ প্ৰায় ১১ বজাত প্ৰসৱ বেদনাত ভোগাত পৰিয়ালৰ লোকে চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাইছিল।

কিন্তু কৰ্তব্যৰত চিকিৎসক-নাৰ্চে মহিলাগৰাকীক নিশা ১১:৩০ বজালৈকে চিকিৎসালয়খনতে চিকিৎসা কৰি পিছত নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও নগাঁও চিকিৎসকে পৰিয়ালক দীপালি গোৱালা (২৬)ৰ ইতিমধ্যে মৃত্যু ঘটা বুলি জনায়।

উক্ত ঘটনাটোক লৈ কালি শতাধিক পুৰুষ-মহিলাই চামগুৰি স্বাস্থ্য কেন্দ্ৰ ঘেৰাও কৰি দোষী চিকিৎসক-নাৰ্চক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে দহ লাখ টকা দৰিদ্ৰ পৰিয়ালটোক ক্ষতিপুৰণ দিবলৈ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে।

পিছত চামগুৰি আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে চামগুৰি চিকিৎসক, নাৰ্চৰ ভুল চিকিৎসাৰ বাবে মহিলাগৰাকী মৰাৰ পিছতো দিন হাজিৰা কৰা দৰিদ্ৰ পৰিয়ালটোৰ মহিলাগৰাকীক সংকটজনক বুলি নগাঁৱলৈ নিবলৈ নিৰ্দেশ দিয়াৰ ঠগামি কৰ্ম-কাণ্ড কৰা বুলি ৰাজহুৱা স্বাক্ষৰযুক্ত এখন অভিযোগ পত্ৰ স্বাস্থ্য মন্ত্ৰীগৰাকীলৈ জ্যেষ্ঠ চিকিৎসক মনোজ গোস্বামীৰ জৰিয়তে প্ৰেৰণ কৰে।

উক্ত অভিযোগ পত্ৰখন যুটীয়া স্বাস্থ্য সঞ্চালক নগাঁও, জিলা উপায়ুক্ত আৰু চামগুৰিৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰ্মনলৈ প্ৰেৰণ কৰা হয়। স্বাস্থ্যখণ্ড আমোল পৰিবৰ্তন হোৱা বুলি সঘনাই দাবী কৰা স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব বুলি জিলাখনৰ সচেতন নাগৰিক সকলে মন্তব্য কৰিছে।

মৃত দীপালি গোৱালাই এই সংসাৰত স্বামী আৰু এক মাত্ৰ চাৰি বছৰীয়া ববিতা গোৱালা নামৰ এটি কন্যা সন্তানক এৰি থৈ যায়।