‘ঘৰৰ এন্দুৰ মাৰিবলৈ সাপ মেলিব নেকি?’-নিজৰ চৰকাৰকে প্ৰশ্ন কৰিলে বিধায়ক অতুল বৰাই

FB_IMG_1525862864522

বিজেপি নেতা তথা দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা ফাইল ফটো

‘মোক মন্ত্ৰী সভাত অন্তৰ্ভূক্ত নকৰাৰ বাবে মুখ্য মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছো, কাৰণ মন্ত্ৰী হোৱাহেঁতেন অকলেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুঁজিবলগীয়া হ’লহেঁতেন,’-আজি গুৱাহাটীত এখন সংবাদেমেল অনুষ্ঠিত কৰি এইদৰে কয় বিজেপি নেতা তথা দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই।

‘’আপুনি মূৰত জাতীয় মুকুট পৰিধান কৰি আছে। গতিকে কনৰাড চাংমাৰ দৰে আপুনিও নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি সঁচা অৰ্থতে যে জাতীয় নায়ক সেই কথা নিশ্চিত কৰক। মোক মন্ত্ৰী সভাত অন্তৰ্ভুক্ত নকৰাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো। কাৰণ মই মন্ত্ৰী হোৱাহেঁতেনে অকলেই এই বিধেয়কখনৰ বিৰোধিতা কৰিবলগীয়া হ’লহেঁতেন,’‘- আজি নিজৰ বিধায়ক আবাসত আয়োজন কৰা সংবাদ মেলত দিছপুৰ সমষ্টিৰ শাসকীয় দলৰ বিধায়ক অতুল বৰাই মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰা চিঠিত এই কথা উল্লেখ কৰা বুলি জানিবলৈ দিয়ে।

‘’মই জনাত আপোনাৰ কেবিনেটত বাংলাদেশৰ পৰা হিন্দু লোকসকলক আনি অসমীয়া জাতি ৰক্ষা কৰা মন্ত্ৰীসকলহে আছে। প্ৰথমে আমি অসমীয়া তাৰ পিছতহে আনবোৰ চিনাকি,’’-স্পষ্টবাদী বুলি পৰিচিত বিধায়কগৰাকীয়ে এইদৰে কয়।

‘’মেঘালয়ৰ চাংমাৰ দৰে অসম চৰকাৰৰ কেবিনেটতো কথাটো আলোচনা কৰিবৰ বাবে মই চিঠিখনত অনুৰোধ জনাইছো। নহ’লে আকৌ এটা সময় আহিব, য’ত সংঘাত হোৱাটো অনিবাৰ্য,’’-বৰাই কয়।

বিধায়কগৰাকীয়ে অসমীয়া জাতিৰ বাবে সদায়েই মাত মাতি যাব বুলিও ব্যক্ত কৰে।  ‘’মই যিটো দলতে আছো সেইটো কথা নাই, কিন্তু মই অসমীয়া জাতিৰ বাবে মাত মাতি যাম। এয়া মোৰ অংগীকাৰ। দলৰ বিধায়কসকলে অসমত ৰাজনীতি কৰিছে আৰু যিহেতু অসমৰ স্বাৰ্থত কৰিছে, গতিকে তেওঁলোকে অসমৰ স্বাৰ্থ আগত ৰখাটো মই বিচাৰো।‘’

পূৰ্বৰে পৰা গ্ৰহণ কৰি অহা নিজৰ ভূমিকাৰ কথা উল্লেখ কৰি বৰ্তমানৰ বিজেপি  বিধায়ক তথা এসময়ৰ প্ৰাক্তন ছাত্ৰনেতা গৰাকীয়ে কয়, ‘’পূৰ্বেও সদৌ গুৱাহাটী ছাত্ৰ সন্থা গঠন কৰি বেনাৰ-পোষ্টাৰ আঁৰিছিলো, অসমৰ স্বাৰ্থত মাত মাতিছিলো। বৰ্তমান এটা ৰাষ্ট্ৰীয় দললৈ অহাৰ পিছত মোৰ দেহত থকা জাতীয় অস্তিত্ব ৰক্ষাৰ তেজ নাইকিয়া হৈ নাযায়।‘’

বৰাই ‘জাতিটো উৰ্দ্ধত হোৱাটো উচিত দল কেনেকৈ উৰ্ধত হ’ব’ বুলিও প্ৰশ্ন কৰে।

হিন্দু বাংলাদেশী সম্পৰ্কত নিজ দলৰে একাংশৰ স্থিতিক সমালোচনা কৰি বৰাই তাৎপৰ্যপূৰ্ণভাৱে নিজৰ দৃষ্টিভংগী ব্যক্ত কৰে এনেদৰে-‘’ বাংলাদেশী মুছলমানসকলক ইয়াৰ পৰা নেখেদি বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী আনি কেনেকৈ ভাৰসাম্য ৰক্ষা কৰিব। এইবিলাক গছত গৰু উঠা কথা। লগতে নিজৰ ঘৰত এন্দুৰ আছে বাবেই বেলেগৰ পৰা সাপ আনি ঘৰৰ ভিতৰত সাপ সোমোৱাই দিয়া লেখীয়া কথা। অসমীয়া জাতিৰ বাবে এয়া এক ভয়ানক পৰিকল্পনা।‘’