• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চমকপ্ৰদ প্ৰত্যাৱৰ্তন ঘটোৱা দীপা কৰ্মকাৰৰ প্ৰদৰ্শনত উৎফুল্লিত পিতৃ-মাতৃ

পিনাকী দাস by পিনাকী দাস
July 9, 2018 9:42 am
vlcsnap-2018-07-09-00h24m02s169

দীপা কৰ্মকাৰৰ পিতৃ-মাতৃ

103
VIEWS
Share on FacebookShare on Twitter

আঘাতৰ বাবে প্ৰায় দুবছৰ ধৰি খেলৰ জগতৰ পৰা আঁতৰি থকা দেশৰ তাৰকা জিমনাষ্ট দীপা কৰ্মকাৰে চমৎকাৰ প্ৰত্যাৱৰ্তনেৰে তুৰ্কিত অনুষ্ঠিত জিমনাষ্টিকছৰ বিশ্ব চেলেঞ্জ কাপত সোণৰ পদক অৰ্জন কৰিছে। ‘FIG Artistic Gymnastics World Challenge Cup’ত ৮ জুলাইত স্বৰ্ণ জয়ী হোৱা খবৰ পোৱাৰ লগে লগে উৎফুল্লিত হৈ পৰে দীপা কৰ্মকাৰৰ শুভাকাংক্ষী তথা মাক-দেউতাক।

চমকপ্ৰদ প্ৰদৰ্শণেৰে বিশ্ববাসীক আচম্বিত কৰি চতুৰ্থ স্থানেৰে ২০১৬ চনৰ ৰিঅ’ অলিম্পিক সামৰাৰ পাছতে ত্ৰিপুৰাৰ ২৪ বছৰীয়া খেলুৱৈগৰাকীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু খেলৰ জগতৰ পৰা আঁতৰি আছিল।

কিন্তু দুবছৰৰ মূৰত প্ৰত্যাৱৰ্তন ঘটাই দেওবাৰে ১৪.১৫০ স্ক’ৰেৰে সোণৰ পদক দখল কৰে। বিশ্ব প্ৰতিযোগিতাখনত দীপাৰ এইটো প্ৰথম পদক।

জীয়ৰীৰ এই সাফল্যত আনন্দত আত্মহাৰা পিতৃয়ে কয়, ‘দীপাৰ প্ৰথম প্ৰশিক্ষক চোমা নন্দীয়ে প্ৰথমে আমাক এই সুখবৰটো দিয়ে। নন্দীয়ে আমালৈ ফোন কৰি প্ৰতিযোগিতাখনৰ ভল্ট শাখাত দীপাই সোণৰ পদক অৰ্জন কৰা বুলি কোৱাৰ পাছতে বহুত সুখী অনুভৱ কৰো। ৰিঅ’ অলিম্পিকৰ পাছৰে পৰা আঘাতৰ বাবে জিমনাষ্টিকছৰ পৰা আঁতৰি থকা দীপাই এই প্ৰতিযোগিতাখনত অংশ লৈয়ে পদক অৰ্জন কৰাত আমি অতি গৌৰৱান্বিত’।

আনহাতে দীপাৰ মাতৃয়ে কয় যে দীৰ্ঘদিনৰ বিৰতিৰ অন্তত জিমনাষ্টিকছ জগতলৈ ঘূৰি আহিয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দীপাই সোণৰ পদক লাভ কৰাত আজি মই বহুত সুখী।

উল্লেখ্য যে আঘাতৰ বাবে সুদীৰ্ঘ দুবছৰ জিমনাষ্টিকছ জগতৰ পৰা আঁতৰি থকা দীপা কৰ্মকাৰ সন্দৰ্ভত বহুতেই ধাৰণা কৰিছিল যে তেওঁ আৰু জিমনাষ্টিকছত পূৰ্বৰ প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰে। তাৰোপৰি বহুতেই দীপা কৰ্মকাৰৰ জিমনাষ্ট কেৰিয়াৰ ইমানতে সমাপ্ত বুলিও মন্তব্য কৰা দেখা গৈছিল। কিন্তু প্ৰচুৰ আত্মবিশ্বাসী দীপাই দুবছৰৰ মূৰত প্ৰত্যাৱৰ্তন কৰিয়েই স্বৰ্ণ জয়ৰে প্ৰমাণ কৰি দিলে যে তেওঁ বিশ্ব জয়ৰ বাবে সাজু।

ইফালে আগন্তুক জাকাৰ্টা এছিয়ান গে’ইমছলৈ যাব লগা ১০ জনীয়া ভাৰতীয় দলত স্থান লাভ কৰা জিমনাষ্ট দীপা যথেষ্ট আত্মবিশ্বাসী মনোভাৱ লৈ প্ৰতিযোগিতাখনলৈ যাব বুলি জানিব পৰা গৈছে।

Recent News

টেক্সাছত ভয়ংকৰ বান : ১০৭ জন লোকৰ মৃত্যু, শতাধিক লোক এতিয়াও নিৰুদ্দেশ

টেক্সাছত ভয়ংকৰ বান : ১০৭ জন লোকৰ মৃত্যু, শতাধিক লোক এতিয়াও নিৰুদ্দেশ

সকলো ভাষাই ৰাষ্ট্ৰভাষা ! বিতৰ্কৰ মাজতে কেন্দ্ৰলৈ পৰামৰ্শমূলক বাৰ্তা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ

সকলো ভাষাই ৰাষ্ট্ৰভাষা ! বিতৰ্কৰ মাজতে কেন্দ্ৰলৈ পৰামৰ্শমূলক বাৰ্তা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ

এটা সুস্থ আৰু নিৰাপদ জীৱনশৈলী উপভোগ কৰিব বিচাৰে নেকি ?

এটা সুস্থ আৰু নিৰাপদ জীৱনশৈলী উপভোগ কৰিব বিচাৰে নেকি ?

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd