NORTHEAST NOW (Assamese)

চলচ্চিত্ৰ পৰিচালক হেমেন দাসলৈ জীৱনজোৰা সাধনা বঁটা সদৌ অসম চলচ্চিত্ৰ প্ৰযোজক সন্থাৰ

May 16, 2018 8:08 pm · অনিৰ্বাণ পাঠক

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক হেমেন দাসক সদৌ অসম চলচ্চিত্ৰ প্ৰযোজক সন্থাই প্ৰদান কৰিব জীৱনজোৰা সাধনা বঁটা। অহা ২৭ মে’ত গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আই টি এ সাংস্কৃতিক প্ৰকল্পত হ’ব লগা এক অনুষ্ঠানত দাসক এই সন্মান প্ৰদান কৰা হ’ব।

বুধবাৰে গুৱাহাটী প্ৰে’চ ক্লাবত এক সংবাদমেলযোগে এই কথা জানিবলৈ দিয়ে চলচ্চিত্ৰ প্ৰযোজক সন্থাৰ সাধাৰণ সম্পাদিকা জোনমনি দেৱী খাউণ্ডে।

খাউণ্ডে জনাই যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান বুটলিবলৈ সক্ষম হোৱা অসমৰ চলচ্চিত্ৰ প্ৰযোজকসকলক সম্বৰ্ধনা জ্ঞাপনৰ উদ্দেশ্যে সন্থাই বিগত বছৰৰ পৰা এই কাৰ্যসূচী গ্ৰহণ কৰিছে।

এইবাৰ ২০১৭ বৰ্ষটোৰ ভিতৰত অসমৰ চলচ্চিত্ৰৰ ক্ষেত্ৰখনলৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি কঢ়িয়াই আনিবলৈ সক্ষম হোৱা চিনেমা, তথ্যচিত্ৰ, চুটি ছবিসমূহৰ প্ৰযোজকসকলক সম্বৰ্ধনা জনাব।

চলচিত্ৰ প্ৰযোজক সন্থাৰ এই সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব জ্যেষ্ঠ প্ৰযোজক শংকৰলাল গোৱেংকা, লগতে উপস্থিত থাকিব পৰিচালক দাৰা আহমেদ, জাংদাও বডোচা, অভিনেত্ৰী বিদ্যাৰাও আৰু জ্যোতিচিত্ৰবন ফ্লিম ষ্টুডিঅ’ৰ অধ্যক্ষ পবিত্ৰ মাৰঘেৰিটা।

সংবাদমেলত উপস্থিত থাকি সদৌ অসম চলচিত্ৰ প্ৰযোজক সন্থাৰ সভাপতি দিলীপ কুমাৰ বৰাই কয়, ‘প্ৰযোজকসকল ছবিৰ পাচফালে থাকে। গতিকে তেওঁলোকক মানুহে চিনিয়ে নাপায়। অসমত প্ৰযোজকৰ ধাৰণাটো এনাধৰণৰ যে তেওঁলোক কেৱল চিনেমাখন নিৰ্মাণৰ বাবে ধনৰ যোগান ধৰা মানুহ। কিন্তু দৰাচলতে সেইটা নহয়। ছবি এখনৰ নিৰ্মাণত প্ৰযোজকৰ যথেষ্ট ত্যাগ থাকে। আমি সেই অৱদানৰ এক স্বীকৃতি দিয়াৰ প্ৰয়াস কৰিছো’।

বুধবাৰৰ সংবাদমেলত সাধাৰণ সম্পাদিকা জোনমনি দেৱী খাউণ্ডে অসম চৰকাৰৰ চলচিত্ৰ নীতি প্ৰস্তুতৰ ক্ষেত্ৰত সদৌ অসম চলচিত্ৰ প্ৰযোজক সন্থাই আগবঢ়োৱা দাবী সমুহৰ বিষয়েও জানিবলৈ দিয়ে। খাউণ্ডে জানিবলৈ দিয়া মতে প্ৰযোজক সন্থাই ইতিমধ্যে চৰকাৰৰ লগত কেবালানিও আলোচনাত মিলিত হৈছে।

Related News