চলিত মাহতে মেঘালয় ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

narendra modi In straightforward language, we totally oppose Citizenship Bill: NESO to PM Modi

নৰেন্দ্ৰ মোদীৰ ফাইল ছবি।

অহা ১৬ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মেঘালয় ভ্ৰমণৰ বাবে আহি ছিলঙত উপস্থিত হ’ব বুলি জানিব দিছে প্ৰধানমন্ত্ৰীৰ কৰ্যালয়ে। আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে প্ৰধানমন্ত্ৰী গৰাকীয়ে তেওঁৰ মেঘালয় ভ্ৰমণৰ সময়ত পূব খাচী পাহাৰৰ এটা পথ প্ৰকল্প উদ্বোধন কৰিব।

বিজেপিৰ ৰাজ্যিক সভাপতি শিবুন লিংডোৱে জানিব দিয়ে যে দলীয় কাৰ্যসূচী অনুসৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে বিভাৰ ৰোডত অৱস্থিত দলৰ নতুন কাৰ্যালয়টো মুকলি কৰিব। ইয়াৰ পিছতে তেওঁ প’লো গ্ৰাউণ্ডত অনুষ্ঠিত হ’বলগীয়া এখন ৰাজহুৱা সভাত ভাষণ দিব।

লিংডোৱে লগতে জানিব দিয়ে যে প্ৰধানমন্ত্ৰীয়ে ষ্টেট কনভেনশ্যন চেন্টাৰত বিভিন্ন ধৰ্মীয় নেতাসকলক কিছুসময়ৰ বাবে সাক্ষাৎ কৰিব পাৰে।

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে শনিবাৰে ৰাতিপুৱা দলৰ নতুন কৰ্যালয়ত পতাকা জোকাৰি এটা বাইক ৰে’লীৰ শুভাৰম্ভ কৰিব। ইয়াৰ পিচতে তেওঁ দলৰ ৱেবচাইটটো মুকলি কৰিব। এই অনুষ্ঠানটোতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে এটা ই-লাইব্ৰেৰীও মুকলি কৰিব।

প্ৰধানমন্ত্ৰীৰ মেঘালয় ভ্ৰমণক কেন্দ্ৰ কৰি ৰাজ্যখনৰ ৰাজনৈতিক মহলত মিশ্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আগন্তুক বিধানসভাৰ নিৰ্বাচনক লক্ষ্য কৰিয়েই প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত ভ্ৰমণৰ কাৰ্যসূচী লোৱা বুলি একাংশ লোকে মন্তৱ্য কৰিছে। আনহাতে, একাংশই ইয়াক এক সম্পূৰ্ণ অৰাজনৈতিক আৰু বিকাশৰ বাৰ্তা লৈ প্ৰধানমন্ত্ৰীগৰাকী ভ্ৰমণলৈ আহিব বুলি মত প্ৰকাশ কৰিছে।