NORTHEAST NOW (Assamese)

‘চল’ পালতাই’ শ্ল’গানেৰে ত্ৰিপুৰাত নিৰ্বাচনী সমাৱেশত অংশগ্ৰহণ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ

February 12, 2018 9:34 pm · পান্না ঘোষ
অমিত শ্বাহ

‘চল’ পালতাই’ শ্ল’গানেৰে ত্ৰিপুৰাৰ পৰৱৰ্তী চৰকাৰ গঠনৰ লক্ষ্যৰে খোৱাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি এক নিৰ্বাচনী জনসমাৱেশত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে।

বিজেপিয়ে ৰাজ্যখনত উন্নয়নৰ নতুন দিগন্ত সূচনা কৰাৰ প্ৰতিশ্ৰুতি দিছে।

নিৰ্বাচনী সভাত বিজেপি নেতাজনে অভিযোগ কৰে যে চি পি আই (এম)এ যোৱা দুই দশক জুৰি উন্নয়নৰ নামত কেৱল সাধাৰণ মানুহক লুটিলে।

তেওঁ আসন্ন নিৰ্বাচনত বিজেপি দলে কেৱল ক্ষমতাৰ বাবেই নহয় বৰঞ্চ ৰাজ্যখনলৈ বিকাশ অনাৰ বাবেও যুঁজিছে বুলি দাবী কৰে।

তেলিয়ামুৰা, কল্যাণপুৰ আৰু খোৱাই সমষ্টি সামৰি হোৱা সমাৱেশখনত আজি বৃ্হৎসংখ্যক লোকে অংশগ্ৰহণ কৰে। বিজেপিৰ হৈ ত্ৰিপুৰা নিৰ্বাচনৰ দায়িত্বত থকা অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও আজিৰ সমাৱেশত উপস্থিত আছিল।

Related News