চাইকেল চোৰক মাৰপিট কৰাক লৈ কোকিলাৰ শৌলমাৰীত মৃদু উত্তেজনা

Bi-cycle thief arrested at Kokila

আজি আবেলি বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত শৌলমাৰী সাপ্তাহিক বজাৰত এজন চাইকেল চোৰক মাৰপিট কৰা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত মৃদু উত্তেজনাৰ সৃষ্টি হয়।

ঘটনাৰ বিৱৰনি মতে সাপ্তাহিক বজাৰখনত মানুহৰ সমাগমৰ সুযোগ লৈ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰি গাৱঁৰ ইছমাইল আলী(৩০) নামৰ গভাইত চোৰে বজাৰত পাপৰ বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰা এজন কিশোৰৰ হিৰো চাইকেল চুৰি কৰি পলায়ন কৰিবলৈ চেষ্টা কৰা অৱস্থাতে কেইজনমান যুৱকে তেওঁক ৰাস্তাত হাতেলোটে ধৰা পেলায়।

পিছত স্থানীয় একাংশ যুৱকে লোকজনক উত্তম মাধ্যম দিয়ে। ইয়াৰ উপৰি তেওঁক মাটিত নাক চোঁচৰাবলৈ বাধ্য কৰোৱাৰ লগতে জীৱনত আকৌ কেতিয়াও চুৰি নকৰাৰ শপত বাক্য পাঠ কৰাই।

অৱশ্যে কিছু সময় পিছতে পৰিৱেশ অধিক উত্তপ্ত হোৱাত উপস্থিত একাংশ লোকে চোৰৰ প্ৰাণ ৰক্ষা কৰিবলৈ কোকিলা আৰক্ষীক খবৰ দিয়ে। খবৰ লাভ কৰিয়ে কোকিলা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ লোকজনক আটক নিজৰ জিম্মালৈ আনে।