NORTHEAST NOW (Assamese)

চাউল ব্যৱসায়ীৰ নিৰুদ্দেশক লৈ ওদালগুৰি জিলাৰ টংলাত চাঞ্চল্য

May 27, 2018 8:36 pm · চাজিদ খান

২২ মে’ৰ পৰা নিৰুদ্দেশ হৈ থকা ওদালগুৰি জিলাৰ টংলা চহৰৰ সুশীল দাস (৫৪) নামৰ এজন স্থানীয় চাউল ব্যৱসায়ীৰ এই পৰ্যন্ত সন্ধান উলিয়াব নোৱাৰাত অঞ্চলজুৰি ব্যাপক চাঞ্চল্যই বিৰাজ কৰিছে। নিৰুদ্দিষ্ট ব্যৱসায়ীজনে পৰিয়ালৰ লোকক ব্যৱসায়ৰ উদ্দেশ্যে গুৱাহাটীলৈ আহিব বুলি জানিবলৈ দিছিল। আৰু সেইদিনাৰ পৰাই ব্যৱসায়ীজন নিৰুদ্দেশ হৈ আছে।

ওদালগুৰি জিলাৰ টংলা আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম নলবাৰী গাঁৱৰ বাসিন্দা সুশীল দাসৰ পুত্ৰ সুভম দাসে ঘটনা সন্দৰ্ভত কয় যে ২২ মে’ৰ দুপৰীয়া ১২ বজাৰ পৰাই সুশীল দাসৰ সৈতে পৰিয়ালৰ লোকে কোনো ধৰণৰ সম্পৰ্ক বা খবৰ লাভ কৰা নাই।

‘মোবাইলত যেতিয়া তেওঁৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক পোৱা নাই, তেতিয়া গুৱাহাটীস্থিত তেওঁৰ সহযোগী ব্যৱসায়ীৰ পৰা তেওঁৰ কোনো শুসূত্ৰ উলিয়াব পাৰো নেকি বুলি আমি গুৱাহাটীলৈ গৈছিলো। যেতিয়া গুৱাহাটীৰ ব্যৱসায়ীজনেও তেওঁৰ বিষয়ে কোনো খবৰ দিবলৈ ব্যৰ্থ হোৱাত তেতিয়া আমি টংলা আৰক্ষী থানাত নিৰুদ্দেশ হোৱা বুলি এটা গোচৰ ৰুজু কৰিছো’। এই কথা জানিবলৈ দিয়ে নিৰুদ্দিষ্ট চাউল ব্যৱসায়ী সুশীল দাসৰ পুত্ৰ সুভম দাসে।

ইফালে নিৰুদ্দেশ হোৱাৰ পাঁচদিন পাছতো আৰক্ষীয়ে ব্যৱসায়ীজনৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰাত পৰিয়ালৰ লোকে সহায়ৰ বাবে ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক ৰাজবীৰ সিঙক ওচৰ চাপে। আৰক্ষী অধীক্ষকগৰাকীয়ে ব্যৱসায়ীজনক বিচাৰি উলিওৱাত সকলো প্ৰকাৰৰ চেষ্টা চলাব বুলি পৰিয়ালৰ লোকক আশ্বাস প্ৰদান কৰে।

ব্যৱসায়ীজনৰ নিৰুদ্দেশ সম্পৰ্কত টংলা আৰক্ষীয়ে জানিবলৈ দি কয়, ‘ব্যৱসায়ীজনক বিচাৰি উলিয়াবলৈ আমি সকলো প্ৰকাৰৰে চেষ্টা অব্যাহত ৰাখিছো। কিন্তু নিৰুদ্দেশ সন্দৰ্ভত এই পৰ্যন্ত কোনো ধৰণৰ শুংসূত্ৰই পোৱা নাই’। তাৰোপৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Related News