চাকলা-কোকিলা ৰাজ্যিক চিকিৎসালয়ত অৰাজকতা; সময়ত ৰোগীয়ে নাপায় চিকিৎসক-নাৰ্ছক

Photo from Yeasin Ali, Kokila -20180805_111218

স্বাস্থ্যখণ্ডৰ নগ্ন স্বৰূপ : বঙাইগাঁও জিলাৰ কোকিলা অঞ্চলত এম্বুলেঞ্চৰ বিপৰীতে ঠেলাৰে কঢ়িয়াই ৰোগী ফটো : ইয়াছিন আলী

বঙাইগাঁও জিলাৰ বৃহত্তৰ কোকিলা অঞ্চলত চৰকাৰৰ স্বাস্থ্য সেৱাৰ অভিলাষী আঁচনিসমূহ ধোঁৱাচাঙত পৰিণত হোৱা পৰিলক্ষিত হৈছে। চৰকাৰে উন্নত চিকিৎসাৰ বাবে অত্যাধুনিক ব্যৱস্থা তথা আঁচনি হাতত লোৱা সময়তে বঙাইগাঁও জিলাৰ বৃহত্তৰ কোকিলাৰ ৰাইজে এতিয়াও বেজ বেজালীৰ পৰা গ্ৰহণ কৰে চিকিৎসা।

উল্লেখনীয় যে উক্ত অঞ্চলটোৰ চাকলাত এখন ৰাজ্যিক চিকিৎসালয় আছে যদিও ব্যাপক অৰাজকতাৰ বাবে উপযুক্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ’বলগীয়া হয় কোকিলা, চাকলা, শৌলমাৰী, নোৱাগাঁও, নাম্বাৰপাৰা, বাংলাপাৰা, বাৰোঘড়ী, জপেয়াৰ ৰাইজ।

জানিব পৰা মতে চিকিৎসালয় খনত চিকিৎসক আৰু নাৰ্ছৰ অনিয়মীয়া উপস্থিতিৰ বাবেই উক্ত অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজে চিকিৎসকৰ বিপৰীতে বেজালীৰ জৰিয়তে চিকিৎসা গ্ৰহণ কৰিবলগীয়া হয়।

স্থানীয় লোকে অভিযোগ কৰা অনুসৰি চিকিৎসালয় খনলৈ কেতিয়াবা যদি চিকিৎসক আহে সেই দিনটোত উপস্থিত নাথাকে নাৰ্ছ। আৰু কেতিয়াবা আকৌ নাৰ্ছ আছে চিকিৎসক নাই। তাৰোপৰি চিকিৎসালয়খনত পৰ্যাপ্ত পৰিমাণৰ সা-সৰঞ্জাম নাই যাৰ বাবে বেজৰ আশ্ৰয় ল’বলগীয়া হৈছে ৰোগীয়ে।

আটাইতকৈ দূৰ্ভাগ্যজনক কথাটো হ’ল যে চিকিৎসালয় খনত আজি পৰ্যন্ত নাই ১০৮ আৰু ১০২ ৰ ব্যৱস্থা। সেয়ে ঠেলা নাইবা চাইকেলেৰেই ৰোগীক লৈ যোৱা হয় চিকিৎসালয় অথবা বেজ-কবিৰাজৰ ওচৰলৈ।

উল্লেখ্য যে অসমৰ স্বাস্থ্য মন্ত্ৰীয়ে যিমানেই সংবাদ মাধ্যম অথবা সা-সমিতিয়ে স্বাস্থ্য সেৱাৰ আমূল পৰিৱৰ্তন হোৱা বুলি নকওক কিয় তাৰ কিন্তু ফোপোলা স্বৰূপ উদঙাই পৰিছে বঙাইগাঁও জিলাৰ এইখন চাকলা কোকিলা ৰাজ্যিক চিকিৎসালয়ত।

বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ চিকিৎসলয় খনত চিকিৎসক আৰু নাৰ্ছৰ নিয়মীয়া উপস্থিতিৰ লগতে স্থানীয় ৰাইজে অতি শীঘ্ৰে এখন এম্বুলেঞ্চ প্ৰদানৰ দাবী জনোৱাৰ লগতে স্বাস্থ্য মন্ত্ৰীৰ সু-দৃষ্টি কামনা কৰে।