NORTHEAST NOW (Assamese)

চামগুৰিত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত মাক-পুতেক

May 18, 2018 11:11 pm · মিণ্টু দাস

নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিৰ আমনিৰ ৰঙাগৰাত আজি বিয়লি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত মাক-পুতেকে থিতাতে মৃত্যুক আঁকোৱালি লয়।

উল্লেখযোগ্য যে এটা পৰিয়াল চেৰাপুঞ্জীৰ পৰা কহঁৰাৰ নিজৰ ঘৰলৈ এ এছ ০৫ এইচ ১৭১৬ নম্বৰৰ এখন চুইফট ডিজায়াৰ গাড়ীৰে আহি আছিল।

কিন্তু দুৰ্ভাগ্যবশত সেই সময়তে এখন দ্ৰুতবেগী ট্ৰাকৰ সৈতে চুইফট ডিজায়াৰখনৰ প্ৰচণ্ড জোৰেৰে মুখামুখি সংঘৰ্ষ হয়। ফলত দুৰ্ঘটনাটোত মাতৃ ননী গগৈ আৰু পুত্ৰ সমীৰ গগৈ থিতাতে নিহত হয়।

আনহাতে দুৰ্ঘটনাটোত আন চাৰিজন ব্যক্তি গুৰুতৰপূৰ্ণভাৱে আহত হয়।  গুৰুতৰভাৱে আহত কেইজন ক্ৰমে প্ৰীতম বহৰা, বিনয় ফুকন, ৰাজশ্ৰী ফুকন, জয়ামণি ফুকন বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে গুৰুতৰভাৱে আহত সকলক স্থানীয় ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত তাৎক্ষণিকভাৱে নগঁৱালৈ প্ৰেৰণ কৰা হয়।

Related News