চামগুৰি আৰক্ষী থানাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা
দৰিদ্ৰতাক নেওচি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত চামগুৰি অঞ্চলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ৫ গৰাকী পৰীক্ষাৰ্থীক চামগুৰি আৰক্ষীয়ে আজি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়।
আজি দিনৰ প্ৰায় ১১ বজাত চামগুৰি আৰক্ষী থানাত অনুষ্ঠিত হোৱা উক্ত সম্বৰ্ধনা অনুষ্ঠানত অঞ্চলটোৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী কেইগৰাকীক ফুলাম গামোচা, কলম আৰু নগদ ধনেৰে আৰক্ষী প্ৰশাসনে সম্বৰ্ধনা জ্ঞাপন কৰে।
চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰ্মনৰ তৎপৰতাত অনুষ্ঠিত এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হোৱা তথা লেটাৰসহ প্ৰথম বিভাগ, ষ্টাৰ আৰু ডিষ্টিংচন মাৰ্কলৈ সুখ্যাতিৰে উত্তীৰ্ণ ৫ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰী হৈছে ক্ৰমে অনিমেষ দাস, শেৱালী ডেকা, প্ৰণৱ বিশ্বাস, প্ৰিয়ংকা সেন আৰু নৱজ্যোতি ভূঞা।
উল্লেখযোগ্য যে পোন প্ৰথমবাৰৰ বাবে চামগুৰি আৰক্ষীয়ে এক ইতিবাচক পদক্ষেপেৰে পৰীক্ষাৰ্থীক শিক্ষাৰ ক্ষেত্ৰত উৎসাহ দিবলৈ সামাজিক দায়িত্ববোধৰ পৰিচয় দাঙি ধৰি এইধৰণৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা পৰিলক্ষিত হয়।