চাহ শ্ৰমিকক প্ৰতাৰণা কৰি মন্ত্ৰী পল্লৱলোচনে পকেট গৰম কৰাৰ অভিযোগ চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ

চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ সংবাদমেল।

“ৰাজ্যিক বিজেপি চৰকাৰে পূৰ্বতে পশ্চিম বংগৰ চৰকাৰে কৰা কামৰে আৰ্হি লৈছে। সাময়িক সকাহৰ নামত মালিক পক্ষক প্ৰায় ৪০০ কোটি টকা দি পল্লৱলোচনে নিজৰ পকেটটো গৰম কৰিব। এইটো পল্লৱলোচনৰ অংক।”

১০ জুলাইত চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিয়ে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য কৰে সমিতিৰ মুখ্য আহ্বায়ক বিবেক দাসে।

নিৰ্বাচনৰ পূৰ্বে চৰকাৰখনে চাহ শ্ৰমিকসকলৰ মজুৰি ৩৫১.৩৩ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও বৰ্তমান চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী পল্লৱলোচনে ৩০ টকাহে বৃদ্ধি কৰাত চৰম অসন্তোষ্টি প্ৰকাশ কৰিছে আঠটাকৈ চাহ জনজাতীয় সংগঠনৰ সন্মিলিত সমিতিয়ে।

আনহাতে, ব্ৰহ্মপুত্ৰ উপত্যকাত ১৩৭ টকাৰ পৰা ১৬৭ টকালৈ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু বৰাক উপত্যকাত ১১৫ টকাৰ পৰা ১৪৫ টকালৈ মজুৰি বৃদ্ধি কৰা কাৰ্য্যক সাময়িক সকাহ বুলি আখ্যা দিয়ে সমিতিৰ মুখ্য আহ্বায়ক বিবেক দাসে।

তেওঁ লগতে কয়, “এটা স্থায়ী মজুৰি দিবলৈ সিদ্ধান্ত ল’ব নোৱৰাটো চৰকাৰৰ শ্ৰম বিভাগৰ চৰম ব্যৰ্থতা।”

তদুপৰি ২০১৭ চনৰ ৩১ ডিচেম্বৰত চাহ শ্ৰমিকসকলৰ মজুৰি চুক্তিৰ অন্ত পৰিছিল বুলি জানিবলৈ দি তেওঁ লগতে কয় “২০১৮ চনৰ জানুৱাৰি মাহৰ পৰা নতুন মজুৰি চাহ শ্ৰমিকসকলে লাভ কৰিব লাগিছিল যদিও জানুৱাৰি-ফেব্ৰুৱাৰি মাহ দুটা চৰকাৰে বাদ দিছে।”

আনহাতে, কিছুবছৰ আগতে পশ্চিম বংগ চৰকাৰে চাহ শ্ৰমিকসকলৰ সাময়িক সকাহ(Interim Relief) ৰ নামত তিনিবছৰ ধৰি তেনেকৈয়ে শ্ৰমিকসকলক মজুৰি দি ঠগি আহিছিল বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে।

লক্ষণীয়ভাৱে, ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগানত কাম কৰা শ্ৰমিকসকলৰ বাবে চৰকাৰে ২৪৬টকা মজুৰি ধাৰ্য্য কৰিছে বুলি তেওঁ জানিবলৈ দিয়াৰ লগতে কোম্পানিৰ বাগানত যিসকলে কাম কৰে তেওঁলোকৰ বাবে কিয় ১৬৭ টকা ধাৰ্য্য কৰা হ’ল বুলি চৰকাৰক প্ৰশ্ন কৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে, ‘বস্তুৰ জুইছাই দামত শ্ৰমিকসকল ১৬৭টকা মজুৰিত কেনেকৈ চলিব?’ বুলি প্ৰশ্ন কৰি তেওঁ কয় “পল্লৱলোচন দাসক দিচপুৰৰ পৰা বাহিৰলৈ গৈ ৰাজ্যৰ বাগানসমূহত বজাৰ কৰিবৰ বাবে আহ্বান জনাইছো, তেওঁ ১৬৭ টকা পকেটত লৈ সেই টকাৰে বজাৰ কৰিব পাৰেনে নাই এবাৰ চাওকচোন।”

আনহাতে, কংগ্ৰেছ চৰকাৰে চাহ শ্ৰমিকসকলক যিধৰণে প্ৰতাৰণা কৰিছিল সেই আৰ্হিকে বিজেপিয়ে বৰ্তমান গ্ৰহণ কৰি চাহ শ্ৰমিকসকলক কংগ্ৰেছতকৈও অধিক পৰিমাণে প্ৰতাৰণা কৰিছে বুলি সংবাদমেলত দাসে অভিযোগ আনে।

কেৰালাত শ্ৰমিকসকলে ২০১৭ চনৰ ৩১ ডিচেম্বৰলৈকে ৩১০টকা মজুৰি লাভ কৰিছিল আৰু ২০১৮ চনৰ পৰা চৰকাৰে ৪৫০ টকাকৈ প্ৰদান কৰাৰ প্ৰস্তাৱ হাতত লৈছে। তামিলনাডুত ২৮৯ টকা আৰু কৰ্ণাটকত ২৬৯ টকা  বুলি তেওঁ জানিবলৈ দিয়ে।

আনহাতে উক্ত সংবাদমেলত উপস্থিত থকা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ষ্টিফেন লাকৰাই শ্ৰমিকসকলৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি নকৰিলে অহা ২০ আগষ্টত ৰাজ্যৰ সমগ্ৰ বাগানতে শ্ৰমিকসকলৰ কাম বন্ধ ৰাখিব বুলিও ঘোষণা কৰে। লগতে বৰ্ষাকালীন অধিবেশনত চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সমিতিৰ উদ্যোগত দিচপুৰ ঘেৰাও কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ কথা তেওঁ সংবাদমেলৰ জৰিয়তে ঘোষণা কৰে।

তেওঁ লগতে কয় “বিজেপি চৰকাৰৰ শ্ৰম বিভাগে প্ৰদান কৰিব বিচৰা ২৫০০ টকাৰ এককালীন সাহায্য কোনো চাহ শ্ৰমিকে বিচৰা নাছিল, তেওঁলোকে মজুৰি বৃদ্ধি কৰিবৰ বাবেহে দাবী জনাইছিল।”

উল্লেখযোগ্য যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ, অসম মজুৰি বৃদ্ধি শ্ৰমিক য়ুনিয়ন, অসম মজদুৰ য়ুনিয়ন, অসম টি লেবাৰ য়ুনিয়ন, অসম টি লেবাৰ য়ুনিয়ন, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম আদিবাসী মহিলা সমিতি, -এই ৮টা চাহ জনজাতীয় সংগঠন একত্ৰিত হৈ উক্ত সমিতিখন গঠন কৰা হৈছে।