• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাহ শ্ৰমিকে মাটিৰ পট্টা নোপোৱাৰ কথা স্বীকাৰ কৰি পট্টা প্ৰদানৰ ব্যৱস্থা লোৱাৰ কথা ঘোষণা মন্ত্ৰী পল্লৱলোচন দাসৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 6, 2018 11:03 pm
PallabLocahn
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“এইটো সত্য যে বহুতো চাহ শ্ৰমিকে এতিয়ালৈকে মাটিৰ পট্টা পোৱা নাই। মাটিৰ পট্টা নোপোৱা বাবে তেওঁলোকৰ বহু অসুবিধা হৈছে, এই মাটিৰ পট্টা প্ৰদান কৰাৰ ক্ষেত্ৰত চাহ মৰ্চাৰ সহযোগিতা বিচাৰিছো। তেওঁলোকে মাটিৰ পট্টা পোৱাৰ ক্ষেত্ৰত চাহ শ্ৰমিকসকলক যাৱতীয় সহায়-সহযোগিতা আগঢ়াব।” আজি এখন সংবাদমেল সম্বোধন কৰি এনেদৰে কয় চাহ জনজাতীয় কল্যাণ বিভাগৰ মন্ত্ৰী পল্লৱলোচন দাসে।

শুকুৰবাৰে মালিগাওঁস্থিত ৰং ভৱনত চাহ মৰ্চাৰ সৈতে ৰাজ্যিক বিজেপিৰ হোৱা এক সাংগঠনিক সভাত অংশগ্ৰহণ কৰাৰ পিছতে এখন সংবাদমেলত এই কথাখিনি কয় মন্ত্ৰীজনে।

ইতিমধ্যে কনকলতা মহিলা সবলীকৰণ আঁচনিৰ জৰিয়তে চৰকাৰে মহিলা আত্মসহায়ক গোটসমূহক অনুদান দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি কৈ সেই আঁচনিসমূহ চাহবাগিচাসমূহৰ তৃণমূল পৰ্য্যায়লৈকে লৈ যাবৰ বাবে চাহ মৰ্চাই বিশেষ পদক্ষেপ লোৱাৰ আশ্বাস দিয়ে পল্লবলোচন দাসে।

চাহ মৰ্চাই জনসম্পৰ্ক নামৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছে বুলি জানিবলৈ দি তেওঁ লগতে কয়, “প্ৰত্যেকটো চাহ শ্ৰমিকৰ পৰিয়াললৈ চাহ মৰ্চাৰ কৰ্মকৰ্তা নিজেই গৈ চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে যিসমূহ আঁচনি আছে,সেই আঁচনিসমূহ গ্ৰহণ কৰিবৰ বাবে সজাগ কৰি তুলিব।”

তদুপৰি চাহ-বাগিচাৰ অঞ্চলসমূহত থকা অন্ধবিশ্বাসসমূহ দূৰ কৰাৰ ক্ষেত্ৰতো চাহ মৰ্চাৰ কৰ্মকৰ্তাসকলে সেই অঞ্চলসমূহৰ লোকসকলক সজাগ কৰি তুলিব বুলি সংবাদমেলত দাসে কয়।

আনহাতে, ধন পুৰস্কাৰ মেলা আঁচনিৰ জৰিয়তে প্ৰত্যেকজন চাহ শ্ৰমিকক ২৫০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাটো মূল উদ্দেশ্য আছিল। এইবুলি দাসে মন্তব্য কৰি কয়, “কিন্তু আমাৰ দৃষ্টিগোচৰ হৈছে যে কিছুসংখ্যক শ্ৰমিকে এতিয়াও বেংক একাউণ্ট খোলা নাই বা কিছুমানৰ এতিয়াও একাউণ্টসমূহ সক্ৰিয় হৈ উঠা নাই।”

সেই বেংক একাউণ্টসমূহ সক্ৰিয় কৰিবৰ বাবে তথা বেংকত একাউণ্ট নথকা শ্ৰমিকসকলক একাউণ্ট খোলাৰ ক্ষেত্ৰত চাহ মৰ্চাৰ কৰ্মকৰ্তাই সহায়-সহযোগিতা আগ বঢ়াব বুলি তেওঁ কয়।

ইয়াৰোপৰি, যিসকল শ্ৰমিকে বেংক একাউণ্ট থকাৰ পাছতো ২৫০০ টকাকৈ পোৱা নাই সেইসকলৰ তথ্যসমূহ গোটাই বিত্ত বিভাগ আৰু জিলা উপায়ুক্তৰ জৰিয়তে ধনখিনি প্ৰদান কৰাৰ ব্যৱস্থা কৰিব বুলি সংবাদমেলত পল্লবলোচন দাসে ঘোষণা কৰে।

 

চাহ জনজাতীয় কল্যাণ বিভাগৰ জৰিয়তে চাহ জনগোষ্ঠী অধ্যুষিত এলেকাৰ ১০০০ আত্মসহায়ক গোটত ২৫,০০০ টকা অনুদান দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্ত্ৰী পল্লৱলোচনে সংবাদমেলত সদৰী কৰে।

তেওঁ লগতে কয় “চাহ অধ্যুষিত অঞ্চলৰ বিধৱা মহিলাসকলৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু ৪০ বছৰৰ ঊৰ্ধ্বৰ যিসকল অবিবাহিত মহিলা আছে, সেইসকলকো অনুদান দিয়াৰ কথা চিন্তা কৰা হৈছে।”

আনহাতে, নৱম শ্ৰেণীৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰ পৰ্য্যায়লৈকে চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে তথা কাৰিকৰী শিক্ষাৰ বাবে জলপানিৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে।

ইয়াৰোপৰি জলপানিৰ বাবে দিয়া প-পত্ৰ পূৰণৰ সমস্ত কাম-কাজ চাহ মৰ্চাৰ জৰিয়তে কৰা হ’ব বুলি মন্তব্য কৰি তেওঁ লগতে কয় “কোনো এগৰাকী চাহ জনজাতিৰ ছাত্ৰ-ছাত্ৰী যাতে বাদ পৰি নাযায়, এই ক্ষেত্ৰত চাহ মৰ্চাই লক্ষ্য ৰাখিব।”

তদুপৰি, মাংৰি ওৰাঙৰ নামত স্থাপন হ’ব লগীয়া ৫০টা ৰংগমঞ্চ নিৰ্মাণৰ ক্ষেত্ৰতো চাহ মৰ্চাই সহায়-সহযোগিতা কৰিব বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে।

আনহাতে, চৰকাৰে চাহ শ্ৰমিকৰ পৰিয়ালসমূহলৈ এল আই ডি ব্লাব বিতৰণ কৰিব বুলি উল্লেখ কৰাৰ উপৰি তেওঁ কয় যে এই ক্ষেত্ৰত চৰকাৰক চাহ মৰ্চাই সহায়-সহযোগিতা কৰিব।

ইয়াৰোপৰি প্ৰধান মন্ত্ৰীৰ উজলা আঁচনিটো চাহ বাগিচাত বসবাস কৰা প্ৰত্যেক শ্ৰমিক পৰিয়াললৈ লৈ যোৱাৰ ক্ষেত্ৰত চাহ মৰ্চাৰ কাৰ্য্যকৰ্তাই বিশেষ ভূমিকা ল’ব বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে।

উল্লেখ্য যে চাহ মৰ্চাৰ বাহিৰে অন্য চাহ জনগোষ্ঠীয় সংগঠনসমূহকো চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহ তৃণমূল পৰ্য্যালয়লৈ লৈ যোৱাৰ ক্ষেত্ৰত সহায়-সহযোগিতা কৰিবৰ বাবে মন্ত্ৰীগৰাকীয়ে সংবাদমেলৰ জৰিয়তে আহ্বান জনায়।

লক্ষণীয় কথা যে আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যিক বিজেপিয়ে বিশেষ তৎপৰতা অৱলম্বন কৰা দেখা গৈছে। যোৱা ২ জুলাইৰ পৰা বিজেপি দলটোৱে আগন্তুক পঞ্চায়ত তথা লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সংখ্যালঘু মৰ্চা, মহিলা মৰ্চা, যুৱ মৰ্চাকে ধৰি দলটোৰ ৮ টা মৰ্চাৰ সৈতে পৰ্য্যায়ক্ৰমে সাংগঠনিক সভা অনুষ্ঠিত কৰি আছে। বিভিন্ন মৰ্চাৰ সৈতে হ’বলগীয়া এই সাংগঠনিক সভাসমূহ ৯ জুলাই পৰ্য্যন্ত চলি থাকিব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd