অসমত চাৰি-লেন যুক্ত পথৰ কামৰ মন্থৰ গতিত অসন্তুষ্ট সদন

parimal-shuklavaidya-570x320

বুধবাৰে অসম বিধানসভাই ৰাজ্যখনত চাৰি-লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কামৰ মন্থৰ গতিত অসন্তুষ্টি প্ৰকাশ কৰিছে। অসমৰ গড়কপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সদনত স্বীকাৰ কৰিছে যে চাৰি-লেন নিৰ্মাণৰ কাম অতি মন্থৰ হৈছে।

‘’এইটো ৰূপায়ন কৰিছে দুটা কেন্দ্ৰীয় সংস্থা এনএইচএআই আৰু এনএইচআইডিচিএলয়ে। নতুন পথৰ বাহিৰেও মেৰামতিৰ কামসমূহ সন্তোষজনক নহয়,’’-তেওঁ কয়।

সদনৰ শূন্য কালৰ সময়ছোৱাত আলোচনাত অংশ গ্ৰহণ কৰি তেওঁ কয় যে ৰাজ্যখনত ৪০৩ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ বাবে ৯৯ কোটি টকা ব্যয় সাপেক্ষে ১১ টা প্ৰকল্পৰ কাম চলি আছে আৰু চলিত বছৰৰ ১৫ এপ্ৰিলৰ ভিতৰত সমাপ্ত হোৱাৰ কথা। ‘’কিন্তু ঠিকাৰ কাম অলপতে আগবঢ়োৱা হৈছিল। তদুপৰি, লোক কোনটো পথ এনএইচএআইৰ আৰু কোনটো এনএইচআইডিচিএলৰ সেই লৈ নিশ্চিত নহয়,’’-তেওঁ কয়।

শুক্লবৈদ্যই কয় তেওঁ ব্যক্তিগতভাৱে কেন্দ্ৰলৈ কামটো খৰতকীয়া কৰাৰ বাবে লিখিছিলো। ‘’মুখ্যমন্ত্ৰীয়ে নিজেই গুৰুত্ব লৈছে আৰু মাহত কমেও এবাৰ তেওঁ সংস্থাসমূহৰ সৈতে যোগাযোগ কৰে।

তেওঁ লগতে সদনক জনায় যে নুমলীগড়ৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰি-লেনৰ কাম ২০১৮ ৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগে, কিন্তু যোৱা বঠৰ ঠিকাদাৰ সলনি হোৱাৰ বাবে ৩-৪ বছৰ বিলম্ব হ’ব।

কামৰ মন্থৰ গতি সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে কয়, ‘’এইবোৰ কেন্দ্ৰীয় সংস্থাসমূহৰ দ্বাৰা কৰা হৈছে বুলি মই বুজিব পাৰো। কিন্তু প্ৰকল্পসমূহ পৰ্যবেক্ষণৰ বাবে কিবা ব্যৱস্থা কৰিব পাৰি নেকি আপুনি চাওক।‘’